নিউজ ডেক্স:
প্রতি বছৰে অনুষ্ঠিত হয় ভাৰতৰ আন্তর্জাতিক চলচ্চিত্র মহোৎসৱ (আইএফএফআই)। এইবাৰ অনুষ্ঠিত হ’ব ইয়াৰ ৫১ সংখ্যক সংস্কৰণ। তাৰবাবে মনোনীত হৈছে বলিউড ছুপাৰষ্টাৰ ঋত্বিক ৰোশনৰ ‘ছুপাৰ ৩০’ ছবিখন।
ইয়াৰ উপৰি গল্লি বয়, বাধাই হো, উৰি আৰু ছার্জিকেল ষ্ট্ৰাইক ছবিকেইখনো আছে তালিকাত। ভাৰতীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্রণালয়ৰ পৰা প্রকাশিত এক বিবৃতিত এই কথা প্ৰকাশ।
তথ্য আৰু সম্প্রচাৰ মন্ত্রণালয়ৰ বিজ্ঞপ্তিত প্ৰকাশিত ভাৰতীয় ছবিকেইখন হৈছে :
উৰি : ছার্জিকেল ষ্ট্ৰাইক
অভিনয়ত : ভিকি কৌশল
পৰিচালক : আদিত্য ধৰ
ছুপাৰ ৩০
অভিনয়ত : ঋত্বিক ৰোশন
পৰিচালক : বিকাশ বাহাল
গল্লি বয়
অভিনয়ত : ৰণভীৰ সিং, আলিয়া ভাট
পৰিচালক : জয়া আখতাৰ
বাহাত্তৰ হুৰাইন
অভিনয়ত : পবনৰাজ মালহোত্রা, আমিৰ বচিৰ
পৰিচালক : সঞ্জয় পুৰন সিং চৌহান
পৰীক্ষা
অভিনয়ত : আদিল হুছেইন, প্রিয়ঙ্কা বসু
পৰিচালক : প্রকাশ ঝা
বাধাই হো
অভিনয়ত : আয়ুষ্মান খুৰানা, নীনা গুপ্তা
পৰিচালক : অমিত শর্মা
উল্লেখ্য যে, সকলো ঠিকে থাকিলে ভাৰতৰ ৫১ সংখ্যক আন্তর্জাতিক চলচ্চিত্র মহোৎসৱ অনুষ্ঠিত হ’ব ২০২১ চনৰ ১৬ জানুৱাৰীত।












