নিউজ ডেক্স:
এফালে চীনৰ সৈতে সংঘাত৷ আনফালে প্ৰতি সময়তে পাকিস্তানৰ শত্ৰুতা৷ সীমান্ত অস্থিৰ কৰি ৰাখিছে এই দুয়োখন দেশে৷ এইবোৰ চলি থকাৰ সময়তে পুনৰ ক্ষেপণাস্ত্র উৎক্ষেপণ কৰি ভাৰতে পুনৰ শক্তি পৰীক্ষা কৰিছে৷ উল্লেখ্য যে ৰাজস্থানৰ পোখৰানত সম্পূর্ণ দেশীয় প্রযুক্তিত নিৰ্মিত টেংক বিধ্বংসী ‘নাগ’ মিছাইলৰ সফল উৎক্ষেপণ কৰে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই৷
বৃহস্পতিবাৰে পুৱা ৬.৪৫ বজাত পোখৰানৰ ফিল্ড ফায়াৰিং ৰেঞ্জত পৰীক্ষামূলক উৎক্ষেপণ কৰা হয় নাগ এণ্টি-টেংক গাইডেড মিছাইলৰ৷ আশা কৰা মতেই নিৰ্ভুলভাৱে লক্ষ্যত আঘাত হানে দেশত নিৰ্মিত মিছাইলটোৱে৷ ইপিনে, ডিআৰডিৰ সূত্রে জানিব পৰা মতে, পৰিস্থিতি বুজি আৰু মাটিৰ পৰা এই মিছাইল এৰা হ’ব৷
এই মিছাইলে ৪ৰ পৰা ৭ কিলোমিটাৰ পর্যন্ত নিখুঁতভাৱে লক্ষ্যত আঘাত কৰিব পাৰে৷ এই মিছাইলে বিষাক্ত সাপৰ দৰে ফনা তুলি ‘নাগ’ মিছাইলে ইনফ্ৰাৰেড ছেন্সৰৰ জৰিয়তে শত্ৰুৰ সেনা বাহিনীৰ টেংকত আঘাত হানিব পাৰে৷ তদুপৰি দিনে-নিশাই প্ৰতিপক্ষৰ টেংক আৰু দ্ৰুত গতিত চলা সামৰিক যানবাহনৰ ওপৰত আঘাত হানিবলৈ সক্ষম ক্ষেপণাস্ত্র নাগ৷












