নিউজ ডেক্স:
বলীউডৰ অভিনেত্ৰী কংগনা ৰানাউটলৈ মুম্বাই আৰক্ষীয়ে জেৰাৰ বাবে তলব জাৰি কৰিছে৷ কংগনাৰ লগতে তেওঁৰ ভগ্নী ৰংগোলীকো জেৰাৰ বাবে আৰক্ষীয়ে তলব জাৰি কৰিছে৷ অহা ২৬ আৰু ২৭ অক্টোবৰত কংগনা ৰানাউট আৰু তেওঁৰ ভগ্নী ৰংগোলীক জেৰাৰ বাবে তলব কৰিছে মুম্বাই আৰক্ষীয়ে৷ উল্লেখ্য যে ধর্মীয় বিভেদ সৃষ্টিৰ অভিযোগত যোৱা সপ্তাহত বম্বে উচ্চ ন্যায়ালয়ে কংগনা আৰু তেওঁৰ ভগ্নীক দোষী সাব্যস্ত কৰিছিল৷
সেয়ে মুম্বাই আদালৰ পৰা এফআইআৰৰ এক নির্দেশ জাৰি কৰা হৈছে৷ এই সন্দৰ্ভত আবেদনকাৰী ছাহিল আশ্ৰফালি ছৈয়দ৷ তেওঁ বলীউডৰ এজন কাষ্টিং ডিৰেক্টৰ৷ উল্লেখ্য যে ছাহিল আশ্ৰফালি ছৈয়দে ৰাম গোপাল ভার্মা, নাগার্জুনা আৰু সঞ্জয় গুপ্তাৰ দৰে পৰিচালকৰ সৈতে তেওঁ কাম কৰিছে৷
ছাহিল আশ্ৰফালি ছৈয়দে আবেদন পত্ৰত জনাইছে, কংগনা ৰানাউটে খুউব ভালকৈ জানে যে তেওঁৰ এটা জনপ্ৰিয়তা আছে৷ তেওঁৰ এটা টুইট কেইবালাখো মানুহৰ ওচৰ পায়গৈ৷ তেওঁ এনে কিছুমান টুইট কৰে, যি সাধাৰণ মানুহৰ মনত বিভেদৰ সৃষ্টি কৰিছে৷ সাক্ষাৎকাৰ আৰু টুইটৰ জৰিয়তে ক্রমাগত দুটা সম্প্রদায়ৰ মাজত ভেদাভেদৰ সৃষ্টি কৰিছে৷












