নিউজ ডেক্স:
বিহাৰ বিধানসভা নিৰ্বাচনৰ দিন যিমানে ওচৰ চাপি আহিছে সিমানেই প্ৰচাৰ অভিযান তুংগত উঠিছে৷ এইবাৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ সভাত দেখা গৈছে আৰজেডি নেতা তেজস্বী যাদৱৰ জনসভাত মানুহৰ ভিৰ৷ ইয়াৰ বিপৰীতে ১৫ বছৰ ৰাজ্যত শাসন কৰা নীতীশ কুমাৰৰ সভাত মানুহৰ ভিৰ পৰিলক্ষিত হোৱা নাই৷
ৰাজ্যখনৰ বিৰোধী নেতাসকলে কৰা দাবী মতে, নীতীশ কুমাৰৰ ১৫ বছৰীয়া শাসনত বিহাৰৰ উন্নয়নৰ তুলনাত প্ৰচাৰ বেছি৷ গুৰুত্বপূৰ্ণ যে আৰজেডিৰ নেতা কাৰাৰুদ্ধ লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বীয়ে ১০ লাখ চৰকাৰী চাকৰিৰ প্রতিশ্রুতি দি ৰাজ্যখনৰ যুৱ সমাজক আকৃষ্ট কৰিছে৷ ইয়াৰ মাজতে প্ৰৱজিত শ্ৰমিকৰ ক্ষোভ প্ৰতিফলিত হৈছে৷
এনেবোৰ কাৰণত ভিৰ বাঢ়িছে পাঁচ বিৰোধী দলৰ মহাজোঁটেৰ জনসভাত৷ তেজস্বীৰ সভাত মানুহৰ ঢল দেখি মহাজোঁটক উৎসাহি কৰিছে৷ আনহাতে নিৰ্বাচনী আয়োগে ৰাজনৈতিক দলবোৰক জনাইছে যে ক’ভিড নির্দেশিকা অমান্য কৰি জনসভাত উপস্থিত থকাত শাস্তিমূলক ব্যৱস্থা ল’ব৷ উল্লেখ্য যে কাৰাগাৰত বন্দী হৈ থকা আৰজেডিৰ নেতা লালু প্রসাদ যাদৱ এইবাৰ প্ৰথম নিৰ্বাচনী সভাৰ প্ৰচাৰত নাই৷
মন কৰিব লগা যে এটা দিনতে তেজস্বী যাদৱে ১২খন জনসভাত অংশগ্ৰহণ কৰে৷ তেওঁৰ জনসভাত জনসমাগম দেখি অভিভূত তেজস্বীয়ে টুইট কৰি কয়, মানুহে পৰিবৰ্তন বিচাৰিছে৷ যোৱা ১৫ বছৰ এনডিএৰ শাসনত বিহাৰ ধ্বংস হৈ গ’ল৷
মানুহে উন্নয়ন আৰু চাকৰি বিচাৰিছে৷ ইপিনে, বিজেপিৰ মুখপাত্র শ্বাহনাৱাজ হুছেইনে দাবী কৰে যে আৰজেডি য’ত শক্তিশালী তাতহে ভিৰ বাঢ়িছে৷ তেওঁৰ মতে ভিৰ আৰু ভোটাৰৰ কোনো সম্পৰ্ক নাই৷ উল্লেখ্য যে নীতীশ কুমাৰৰ এখন সভাত লালু প্ৰসাদ যাদৱ জিন্দবাদ ধ্বনি শুনিবলৈ পোৱা গৈছিল৷ এইবাৰ বিহাৰত নিৰ্বাচনী প্ৰচাৰৰ গতি দেখি নীতীশ কুমাৰৰ অৱস্থা বিষম হৈ পৰিছে৷












