
নিউজ ডেস্কঃ
গাড়ী চলোৱাৰ সময়ত মোবাইল ব্যৱহাৰ কৰাৰ ফলত দেশত মৃত্যুৰ সংখ্যা বাঢ়িছে। ২০১৮ চনৰ তুলনাত ২০১৯ত এই বৃদ্ধি ৩৩ শতাংশ। এই দাবী কেন্দ্রীয় পথ পৰিবহণ মন্ত্ৰালয়ৰ ৰিপোর্টৰ।
কেন্দ্রীয় ৰিপোর্ট অনুযায়ী, ২০১৯ চনত দেশত ডেৰ লাখৰো অধিক লোকৰ মৃত্যু হৈছে পথ দুর্ঘটনাত। ইয়াৰ ভিতৰত হেলমেট নিপিন্ধাৰ কাৰণে মৃত্যু হৈছে ৩০ শতাংশৰ আৰু ছিটবেল্ট নাবান্ধাৰ কাৰণে ১৬ শতাংশৰ মৃত্যু হৈছে। কিন্তু ২০১৮ আৰু ২০১৯ চনৰ পৰিসংখ্যা হিচাব কৰি দেখা গৈছে, মোবাইল ব্যৱহাৰৰ কাৰণে মৃত্যুৰ হাৰ ৩৩ শতাংশ বাঢ়িছে।
পৰিসংখ্যাই কৈছে, মোবাইল ব্যৱহাৰৰ কাৰণে ২০১৯ চনত মুঠ মৃত্যু হৈছে ৪ হাজাৰ ৯৪৫ জনৰ। ২০১৮ চনত এইটো কাৰণত দুর্ঘটনাত মৃত্যু হৈছিল ৩ হাজাৰ ৭০৭ জনৰ।
আনহাতে, পথ দুর্ঘটনাৰ ক্ষেত্রত একেবাৰে ওপৰৰ ফালে থকা পাঁচ ৰাজ্য হ’ল উত্তৰ প্রদেশ, মধ্যপ্রদেশ, মহাৰাষ্ট্র, তামিলনাডু আৰু কর্নাটক। আৰু মোবাইল ব্যৱহাৰৰ বাবে দুর্ঘটনাত মৃত্যু সকলোতকৈ বেছি উত্তৰ প্রদেশত। ২০১৯ চনত এইটো কাৰণত ৰাজ্যত ২ হাজাৰ ৬৫০ জনৰ মৃত্যু হৈছে।
কেন্দ্রৰ ৰিপোর্টত এইটোও কোৱা হৈছে যে ২০১৯ চনত দুচকীয়া গাড়ী চলাবলৈ গৈ দুর্ঘটনাত মৃত্যু হৈছে ৫৬ হাজাৰ ১৩৬ জনৰ। ইয়াৰ ভিতৰত ডাঙৰ সংখ্যাটো হেলমেট নিপিন্ধাৰ বাবে। এই সংখ্যা ৪৪ হাজাৰ ৬৬৬। ২০১৮ চনত সংখ্যাটো আছিল ৪৩ হাজাৰ ৬১৪।












