
নিউজ ডেস্কঃ
সুখবৰ৷ কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীসকলৰ উৎসৱ বোনাছ ঘোষণা চৰকাৰৰ। আজি কেন্দ্রীয় কেবিনেটে বোনাছত অনুমোদন দিয়ে৷ এই কথা জনাইছে কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রী প্রকাশ জাভড়েকৰে। ‘প্রডাক্টিভিটি’ আৰু ‘নন প্রডাক্টিভিটি’ বোনাছৰ সুবিধা পাব প্রায় ৩০ লাখ নন গেজেটেড কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীয়ে।
ইয়াৰ বাবে চৰকাৰৰ খৰচ হ’ব ৩ হাজাৰ ৭৩৭ কোটি টকা। জাভড়েকাৰে জনোৱা মতে, এসপ্তাহৰ ভিতৰতেই এই বোনাছৰ ধন লাভ কৰিব কৰ্মচাৰীসকলে।












