
নিউজ ডেস্কঃ
আৰক্ষীয়ে জনাইছিল, হাথৰসৰ নির্যাতিতা ধর্ষিত হোৱা নাই। ফৰেনচিক ৰিপোর্টতো একেই কথা কৈছিল। সেই ফৰেনচিক ৰিপোর্টক লৈ প্রশ্ন উত্থাপন কৰিছিল। আৰু তাৰ বাবেই অপসাৰিত কৰা হৈছে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু মেডিকেল কলেজৰ চিকিৎসক আজিম মালিকক।
আনহাতে, অপসাৰণ কৰা হৈছে আৰু এগৰাকী চিকিৎসক ওবেইদ হককো। ডাঃ হকে নির্যাতিতাৰ মেডিকো–লিগেল কেছ ৰিপোর্টত চহী কৰিছিল। মঙ্গলবাৰে পত্ৰ দি জনোৱা হৈছে যে উপাচার্য অধ্যাপক তাৰিক মনচুৰৰ নির্দেশত তেওঁলোকৰ নিয়োগ বাতিল কৰা হৈছে। লগতে পত্ৰখনত চিএমও ডাঃ শ্বাহ জাইদিৰো স্বাক্ষৰ আছে।
উল্লেখ্য যে ডাঃ মালিকেই প্রথমতে জনাইছিল, নির্যাতিতাৰ ফৰেনচিক নমুনা ১১ দিন পিছত সংগ্রহ কৰা হৈছে। চৰকাৰী নির্দেশ অনুযায়ী, ঘটনাৰ ৯৬ ঘণ্টাৰ ভিতৰত ফৰেনচিক নমুনা সংগ্রহ কৰি পৰীক্ষা কৰাৰ নিয়ম। নহ’লে ধর্ষণৰ ক্ষেত্রত শুক্রাণুৰ অস্তিত্ব লাভ কৰা নাযায়।
অৱশ্যে হস্পিটেল কর্তৃপক্ষই জনাইছে, সংবাদ মাধ্যমক হাথৰস কাণ্ড সন্দৰ্ভত সাক্ষাৎকাৰ দিয়াৰ বাবে এই দুগৰাকী চিকিৎসকক অপসাৰণ কৰা হোৱা নাই। চিএমও জাইদি ছুটিত আছিল। কেইবাজনো চিকিৎসক কৰোনা আক্রান্ত হৈ ছুটিত আছিল। এই পৰিস্থিতিত কাম চম্ভালিবৰ বাবে এই দুগৰাকী চিকিৎসকক জৰুৰীকালীন ভিত্তিত নিয়োগ কৰা হৈছিল। ছুটিৰ পৰা আহি চিকিৎসকসকলে পুনৰ কামত যোগ দিয়ে। সেয়ে এই দুগৰাকী চিকিৎসকৰ নিয়োগ বাতিল কৰা হৈছে।












