নিউজ ডেক্স:
ভুৱা টিআৰপি ৰেটিং-কাণ্ডত ইতিমধ্যেই নাম জড়িত হৈ পৰিছে ভাৰতৰ বহুল প্রচাৰিত ইংৰাজী সংবাদ মাধ্যম ৰিপাব্লিক টিভিসহ আৰু দুই টিভি চেনেলৰ। চলিত মাহতেই প্রথম এই ঘটনা পোহৰলৈ আনিছিল মু্ম্বাই আৰক্ষীয়ে। এনে অৱস্থাত এইবাৰ এই ঘটনাৰ তদন্তভাৰ নিজৰ হাতলৈ নিবলৈ আগবাঢ়িছে চিবিআই।
আনহাতে, টিআৰপি-কাণ্ডত নাম জড়িত হোৱাৰ পিছৰ পৰাই মুম্বাই আৰক্ষীৰ বিৰুদ্ধে এটাৰ পিছত আনটো আক্ৰমণ কৰি থাকে বিজেপি-ঘনিষ্ঠ নামজ্বলা সাংবাদিক তথা ৰিপাব্লিক টিভিৰ চীফ এডিটৰ অর্ণৱ গোস্বামীয়ে। সুশান্ত সিং মৃত্যু গোচৰত মুম্বাই আৰক্ষীৰ তদন্তক বৃহৎ প্রশ্নচিহ্নৰ সন্মুখত থিয় কৰাই দিওঁতেই তেওঁৰ চেনেলৰ বিৰুদ্ধে মুম্বাই আৰক্ষী অধীক্ষক পৰমবীৰ সিঙে ষড়যন্ত্র কৰিছে বুলি অভিযোগো কৰে তেওঁ। আনকি প্রয়োজনত চিবিআই তদন্তৰো দাবী জনায় তেওঁ।
ইফালে এই সংঘাতৰ মাজতেই টিআৰপি দুর্নীতি প্রসঙ্গত আৰু এটি অভিযোগ জমা হয় বিজেপিশাসিত উত্তৰ প্রদেশত। সূত্রৰ খবৰ অনুযায়ী, গল্ডেন ৰেবিট কমিউনিকেচনছৰ অভিযোগৰ ভিত্তিতে এখন এফআইআৰও দাখিল কৰে লক্ষ্ণৌ আৰক্ষীয়ে। ইয়াৰ পিছতেই এই গোচৰত চিবিআই তদন্তৰ প্ৰস্তাৱ জনায় যোগী চৰকাৰে।
তেওঁলোকৰ আবেদনৰ ২৪ ঘণ্টাৰ ভিতৰতে ভুৱা টিআৰপি-কাণ্ডত চিবিআই তদন্তত সেউজ সংকেত দিয়ে কেন্দ্রই।
ইতিমধ্যে এই সংক্রান্তীয় যাৱতীয় তথ্য সংগ্রহ কৰিবলৈ চিবিআইৰ এটি দল লক্ষ্ণৌৰ উদ্দেশ্যে ৰাওনা হৈছে বুলিও খবৰ পোৱা গৈছে। আনহাতে, অজ্ঞাত পৰিচয়ৰ ব্যক্তিসকলৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিবলৈ আগবাঢ়িছে চিবিআই।












