
নিউজ ডেস্কঃ
আজি ক’ৰোনাৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰক উদ্দেশ্যি সপ্তমবাৰৰ বাবে সম্বোধন কৰে। নিজৰ ভাষণত সতৰ্কবাণী শুনাই মোদীয়ে কয়, লকডাউন শেষ হৈছে যদিও কৰোনাই এতিয়াও বিদায় লোৱা নাই। বিগত কেইবাটাও মাহত দেশবাসীৰ চেষ্টাত কৰোনা পৰিস্থিতি বহুখিনি শুধৰণি হৈছে। কিন্তু সেই পৰিস্থিতিৰ পৰা পুনৰ নতুনকৈ কৰোনাৰ সংক্ৰমণ বৃদ্ধি মানি ল’ব পৰা নাযায় বুলি কয় প্রধানমন্ত্রীয়ে। তেওঁ উৎসৱৰ বতৰত সকলোকে সাৱধানতা অৱলম্বন কৰি চলাৰ বাবে আহ্বান জনায়৷
মোদীৰ বার্তা :
• দুই গজৰ দূৰত্ব, সময়ে সময়ে চাবোনেৰে হাত ধোৱা আৰু মাস্ক পৰিধান কৰাটো নাপাহৰিব৷
• সতর্কতা কমোৱাটো একেবাৰেই ঠিক নহয়, সেয়া হ’লে সেই আনন্দ দুখত পৰিণত হ’ব পাৰে৷
• উৎসৱৰ সময় আনন্দৰ সময়, খুচীৰ সময়৷
• যেতিয়ালৈকে টীকা আৱিষ্কাৰ নহয়, তেতিয়া পৰ্যন্ত সাৱধানতা কমাই নিদিব৷
• দেশত বহুকেইটা টীকাৰ কাম চলিছে৷
• আমাৰ দেশৰ বিজ্ঞানীসকলেও জান-প্রাণ দি যুঁজিছে৷
• বহু দেশে টীকা আৱিষ্কাৰৰ বাবে কাম কৰিছে৷
• টীকা নহা পর্যন্ত বাধা-নিষেধত কোনো শিথিলতা নেদেখাব৷
• আমেৰিকা-ইউৰোপৰ বহু দেশতকৈ কৰোনাৰ যুঁজত আগুৱাই আছে ভাৰত৷
• জনতা কার্ফিউৰ পৰা আজি পর্যন্ত বহু প্রতিবন্ধকতা পাৰ কৰি আহিছো আমি৷
• অর্থনৈতিক কাম-কাজতো গতি আহিছে৷
• উৎসৱৰ বতৰত কৰোনা ধীৰে ধীৰে কমিছে৷
• কিন্তু আমি পাহৰিলে নহ’ব, লকডাউন গুচি গ’লেও ভাইৰাছ যোৱা নাই৷
• বিগত কেইটামান মাহত দেশবাসীৰ প্রচেষ্টাত পৰিস্থিতি বহুখিনি শুধৰিছে৷
• দেশত সুস্থতাৰ হাৰ বহুত বেছি, মৃত্যুৰ হাৰ কমিছে৷











