নিউজ ডেক্স:
ভাৰতত দৈনিক ক’ৰনা আক্ৰান্তৰ সংখ্যা বৰ্তমানে কিছু হ্ৰাস পাইছে যদিও অদ্যাপি দৈনিক ৫৫-৬৫ হাজাৰ লোক আক্ৰান্ত হৈ আছে ৷ প্ৰায় দুমাহমান দিন পৃথিৱীৰ ভিতৰতে ভাৰততেই দৈনিক আক্ৰান্তৰ সংখ্যা বেছি আছিল যদিও এতিয়া আশ্চৰ্যজনকভাবে আমেৰিকাই ভাৰতক চেৰ পেলাই শীৰ্ষস্থানত উপনীত হৈছে ৷
যোৱা দুটা দিনত ভাৰতত ক্ৰমে ৬৪২৩৭ আৰু ৬২৫৮৭ জন লোক আক্ৰান্ত হোৱাৰ পৰিৱৰ্তে আমেৰিকাত আক্ৰান্ত হয় ক্ৰমে ৬৬১৩৩ আৰু ৭১৬৮৭ জন লোক ।
আমেৰিকাত এতিয়া ভাইৰাছটোৰ দ্বিতীয় ঢৌ আৰম্ভ হৈছে ৷ বৰ্তমান ভাৰতত ৭°৫ নিযুত লোক আক্ৰান্ত হৈ থকাৰ বিপৰীতে আমেৰিকাত ইয়াৰ সংখ্যা ৮°৩ নিযুত লোক ৷ আশংকা কৰা হৈছে যে আমেৰিকাত অহা দিনকেইটাত দৈনিক আক্ৰান্তৰ সংখ্যা আৰু বৃদ্ধি পাব ৷












