নিউজ ডেক্স:
সুশান্ত সিং ৰাজপুতৰ প্রাক্তন প্রেমিকা অঙ্কিতা লোখণ্ডেৰ বিৰুদ্ধে আইনী পদক্ষেপ গ্ৰহণ কৰিব পাৰে ৰিয়া চক্রৱর্তীয়ে। জানিব পৰা মতে, অঙ্কিতাৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিবলৈ আগবাঢ়িছে ৰিয়া।
উল্লেখ্য যে সুশান্তৰ মৃত্যুৰ কিছুদিন পিছৰ পৰা অভিনেতাজনৰ বাবে ন্যায় বিচাৰি অঙ্কিতাই ছচিয়েল মিডিয়াত বিভিন্ন ভিডিও পোষ্ট কৰি থাকে। কেৱল সেয়াই নহয়, এটি সর্বভাৰতীয় সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত অঙ্কিতাই দাবী কৰিছিল যে সুশান্ত কেতিয়াও মানসিক অৱসাদত ভোগা নাই।
অভিনেত্রীগৰাকীৰ মতে, সুশান্তক তেওঁতকৈ ভালদৰে কোনোৱে চিনি নাপায় আৰু তেওঁ নিশ্চিতভাবে কৈছিল অৱসাদৰ ফলত অভিনেতাজনে কেতিয়াও আত্মহত্যা কৰিব নোৱাৰে৷ নাম নোলোৱাকৈয়ে সুশান্তৰ মৃত্যুৰ বাবে ৰিয়াকেই কাঠগড়াত তুলিছিল তেওঁ। লগতে, নাৰকোটিক্স কন্ট্রোল ব্যুৰ’ৱে ৰিয়াক গ্রেপ্তাৰ কৰাৰ পিছত অভিনেত্রীগৰাকীক কটাক্ষ কৰি ‘সত্যমেৱ জয়তে’ লিখি ইনষ্টাগ্রামত এটি পোষ্ট কৰে অঙ্কিতাই।
যোৱা ৭ অক্টোবৰত ব’ম্বে হাইকোৰ্টে ৰিয়াৰ জামিন মঞ্জুৰ কৰে। শুনিবলৈ পোৱা মতে, তেওঁৰ সম্পর্কে যিসকলে ভুল তথ্য বিয়পাইছে তেওঁলোকৰ বিৰুদ্ধে আইনী পদক্ষেপ গ্ৰহণ কৰিব ৰিয়াই। ইতিমধ্যে সংবাদ মাধ্যমত মিছা ভাষ্য দিয়াৰ অভিযোগ তুলি এজন প্রতিবেশীৰ বিৰুদ্ধে অভিযোগ জনাই চিবিআইলৈ চিঠি লিখিছে ৰিয়াই।












