নিউজ ডেক্স:
তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, কৰ্নাটক আৰু মহাৰাষ্ট্ৰত বিগত দিনকেইটাত হোৱা ধাৰাসাৰ বৃষ্টিপাতৰ ফলত জনজীৱন ব্যাহত হৈ পৰিছে ৷ মুম্বাইৰ মেনহলত পৰি এগৰাকী মহিলাৰ মৃত্যুও ঘটিছে ৷
বৰ্তমান চাৰিওখন ৰাজ্যৰে পৰিস্থিতি অতিশয় শোচনীয় হৈ পৰিছে ৷ শনিবাৰে নিশা তেলেংগানাৰ ৰাজধানী হায়দৰাবাদত পুনৰ হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত পৰিস্থিতি পুনৰ জটিল হৈ পৰিছে ৷ বিভিন্ন স্হানৰপৰা জনতা জলবন্দী হৈ থকাৰ লগতে বহুসংখ্যক যানবাহন পানীৰ প্ৰবল সোঁতত উটি যোৱাৰ বাতৰি পোৱা গৈছে ৷
কেৱল হায়দৰাবাদ চহৰতে এতিয়ালৈকে ৫০ জন লোকৰ বানৰ কবলত মৃত্যু হৈছে ৷ ইতিমধ্যে গ্ৰেটাৰ হায়দৰাবাদ নগৰ নিগমৰ দুৰ্যোগ ব্যৱস্থাপনা দল, এন ডি আৰ এফ, এছ ডি আৰ এফ আৰু আৰক্ষীৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷
অন্ধ্ৰৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কেন্দ্ৰৰপৰা ২২৫০ কোটিৰ সাহায্য বিছাৰিছে ৷ হায়দৰাবাদৰ লগতে অন্ধ্ৰপ্ৰদেশতো ১৪ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷












