নিউজ ডেক্স:
সোমবাৰে পুৱা ৫.৩০ বজাত লাডাখত এক ভূমিকম্পৰ সৃষ্টি হয়৷ নেচনেল চেণ্টাৰ ফৰ ছিছম’লজীয়ে এই কথা জনাইছে৷ কার্গিলৰ উত্তৰ–উত্তৰ–পশ্চিমত ১১০ কিলোমিটাৰ নিলগত এই ভূমিকম্পৰ মাত্ৰা বেছি আছিল৷
ভূমিকম্পত হতাহতৰ খবৰ পোৱা নাই৷ উল্লেখ্য যে হিমালয় অঞ্চলত দুসপ্তাহত ইয়াকে লৈ তিনিবাৰ ভূমিকম্প হয়৷ তাৰ আগতে কার্গিল আৰু লেহত ৰিখটাৰ স্কেলত ক্ৰমে ৪.২ আৰু ৫.১ প্ৰাৱল্যৰ ভূমিকম্প হৈছিল৷












