নিউজ ডেক্স:
যেন ৰক্ষকেই ভক্ষক! খোদ আৰক্ষীৰ জিম্মাতেই গণধর্ষণৰ অভিযোগ তুলিলে এগৰাকী মহিলাই। অভিযোগ আৰক্ষীৰ বিৰুদ্ধেই। মহিলাগৰাকীয়ে জনোৱা মতে, প্রায় ১০ দিন ধৰি তেওঁৰ ওপৰত অত্যাচাৰ চলাইছে দুগৰাকী বিষয়াসহ মুঠ ৫জন আৰক্ষীয়ে। মধ্যপ্রদেশৰ ৰিৱা জিলাৰ মনগৱাত ঘটিছে এই ঘটনা। অভিযোগ পোহৰলৈ অহাৰ পিছতেই আৰক্ষীৰ ভূমিকা এতিয়া প্রশ্নৰ মুখত।
উল্লেখ্য যে মহিলাগৰাকীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ আছে। বৰ্তমান তেওঁ জে’ল হাজোতত আছে। ১০ অক্টোবৰত জে’লখন পৰিদর্শন কৰিবলৈ গৈছিল অতিৰিক্ত জিলা ন্যায়াধীশ আৰু অধিবক্তাৰ এটি দলে। তেতিয়াই আৰক্ষীৰ বিৰুদ্ধে গণধর্ষণৰ অভিযোগ জনায় মহিলাগৰাকীয়ে।
তাৰ পিছতেই জিলা ন্যায়াধীশে ন্যায়িক তদন্তৰ নির্দেশ দিয়ে। ঘটনাটোৰ পদক্ষেপ গ্ৰহণৰ বাবেও ৰিৱাৰ আৰক্ষী অধীক্ষক ৰাকেশ সিঙক পত্ৰও দিছে তেওঁ। অৱশ্যে সেই পত্ৰ এতিয়াও হাতত পৰা নাই বুলি জনাইছে আৰক্ষী অধীক্ষকগৰাকীয়ে।
মহিলাগৰাকীৰ অভিযোগ, তেওঁক গ্রেপ্তাৰ কৰি ৰখা হৈছিল লক আপত। ৯ মে’ৰ পৰা ২১ মে’ৰ ভিতৰত তেওঁক একাধিকবাৰ গণধর্ষণ কৰে আৰক্ষীয়ে। তিনিজন কনষ্টেবলৰ উপৰি আছিল থানাৰ ষ্টেচন ইনচার্জ আৰু এছডিপিও।
সেই সময়ত এগৰাকী মহিলা কনষ্টেবলে প্রতিবাদ কৰাত তেওঁকো ধমক দিয়া হৈছিল বুলি জনাইছে অভিযোগকাৰীয়ে। অৱশ্যে আৰক্ষীৰ দাবী, ২১ মে’তহে গ্রেপ্তাৰ কৰা হৈছিল মহিলাগৰাকীক।












