নিউজ ডেক্স:
বিশ্বৰ ক্ষুধা সূচকত ১০৭খন দেশৰ ভিতৰত ভাৰতৰ ৯৪ স্থান৷ শ্ৰীলংকা, নেপাল, বাংলাদেশৰ দৰে দেশৰ কথা বাদেই এই ক্রম-তালিকাত ভাৰতৰ আগত আছে পাকিস্তান৷ আনহাতে ভাৰতৰ পাচত আছে ৰোৱাণ্ডা, নাইজেৰিয়াৰ দৰে দেশ৷ এই তথ্য তুলি ধৰি ক্ষুৰধাৰ সমালোচনা কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে৷ টুইটাৰত ৰাহুল গান্ধীৰ দাবী, চৰকাৰ বিশেষ বন্ধুক পকেট ভৰাই থকাত ব্যস্ত৷ ভুকাতুৰ হৈ আছে দৰিদ্ৰ৷
তাৰ ইংগিত, কৰ’নাৰ সময়ত আম্বানিৰ ৰিলায়েন্স, গৌতম আদানিৰ আদানি গোষ্ঠীৰ মুনাফা বাঢ়িছে৷ এই পৰিসংখ্যাক লাজৰ বিষয় হিচাপে চিহ্নিত কৰিছে চিপিএম নেতা সীতাৰাম য়েচুৰীয়ে৷ তেওঁ দাবী কৰে, চৰকাৰী গুডামত ১০ হাজাৰ টন খাদ্যশস্য পচিছে, দৰিদ্ৰৰ মাজত সেয়া বিলাই দিয়াৰ ব্যৱস্থা মোডীয়ে কৰিব লাগে৷
ইয়াৰ বিপৰীত যুক্তি বিজেপিৰ৷ বিজেপিয়ে কয়, ইউপিএৰ দিনত এই ক্রম-তালিকাত ভাৰতৰ স্থান একেবাৰে তলত আছিল৷ একাধিক আন্তর্জাতিক উপদেষ্টা আৰু বেচৰকাৰী সংস্থাৰ উদ্যোগত প্ৰতি বছৰৰ অক্টোবৰত এই সূচক প্ৰকাশ পায়৷
ক্রম-তালিকা প্ৰস্তুত হয় অপুষ্টি, পাঁচ বছৰৰ কম বয়সীয়াৰ মাজত কম ওজন আৰু উচ্চতা সম্পন্নৰ অনুপাত, পাঁচ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ হাৰ আদিৰ ভিত্তিত৷ উল্লেখ্য যে যোৱা বছৰ ১১৭ খন দেশৰ মাজত ভাৰতৰ স্থান আছিল ১০২ নম্বৰ৷
এইবাৰ ১৩২খন দেশৰ তথ্য সংগৃহীত হ’লেও নম্বৰ বিচাৰৰ বাবে পৰ্যাপৎ আছিল ১০৭খন৷ ইয়াৰ মাজত ভাৰতৰ স্থান ৯৪ নম্বৰ৷












