নিউজ ডেক্স:
দেশ কিনা-বেচাৰ দিন বুলিলে আচৰিত নালাগেনে? কিন্তু এনে হৈছিল ১৮৬৭চনৰ আজিৰ দিনটোতে ৷
প্ৰকৃততে ১৮৬৭চনৰ মাৰ্চ মাহৰ ৩০ তাৰিখে বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ অন্তৰ্গত আলাস্কা ৭.২ মিলিয়ন ডলাৰত ৰাছিয়াৰপৰা আমেৰিকা যুক্তৰাষ্ট্ৰই কিনি লৈছিল ৷ পিছে চৰকাৰী হস্তান্তৰ কাৰ্য সম্পূৰ্ণ হয় সেই চনৰে ১৮অক্টোবৰ দিনটোত ৷
সেই দিনাৰপৰা আলাস্কাই এই দিনটো আলাস্কা দিৱস হিচাপে পালন কৰি আহিছে ৷ লগতে আলাস্কা চৰকাৰে এইটো দিনক চৰকাৰী বন্ধৰ দিন হিচাপেও ঘোষণা কৰিছিল ৷
এই ক্ৰয়ক যোগাত্মক ভাৱেই লয় সকলোৱে তেতিয়াৰপৰাই আৰু বহুতে বিশ্বাস কৰে এই কাৰ্যই এছিয়ালৈ আমেৰিকাৰ ব্যৱসায়ৰ দ্বাৰ মুকলি কৰিছে ৷












