নিউজ ডেক্স:
২০১৩ চনত যেতিয়া বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হৈছিল তেতিয়া ঘোৰ বিৰোধিতা কৰিছিল নীতীশ কুমাৰে৷ এইবাৰ নীতীশ কুমাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব স্বয়ং প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে৷ যোৱাবাৰ বিধানসভা নির্বাচনত ৰাষ্ট্ৰীয় জনতা দল, কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি যুঁজ দিছিল জেডিইউ দলে৷
তাৰ পাচৰ বছৰত বিবাদ হয়৷ শেষত বিজেপিৰ সৈতে হাত মিলাই ক্ষমতা ধৰি ৰাখে নীতীশ কুমাৰে৷ এইবাৰ বিজেপি–জেডিইউ জোঁটৰ মুখ্যমন্ত্রী প্রার্থী নীতীশ কুমাৰ৷ তেওঁৰ হৈ ১২খন নিৰ্বাচনী সভাত উপস্থিত থাকিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী৷ ২৩ অক্টোবৰত প্ৰথমখন সভা দ’ব চাচাৰামত৷ তাৰ পাচত ভাগলপুৰত সভা অনুষ্ঠিত হ’ব৷
শেষখন সভা ৩ নৱেম্বৰত আৰিয়াত হ’ব৷ উল্লেখ্য যে বিহাৰত বিজেপিৰ প্ৰচাৰত আছে দেবেন্দ্র ফড়নবিছ৷ অতীতৰ বিপৰীতে সাক্ষী হৈছে বৰ্তমান৷ জেডিইউ যেতিয়া এনডিএৰ সৈতে আছিল তেতিয়াও মোডীক বিহাৰলৈ আহিবলৈ দিয়া নাছিল নীতীশ কুমাৰে৷
২০০৫ আৰু ২০১০ চনত গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোতে মোডী বিহাৰৰ নিৰ্বাচনত প্ৰচাৰৰ বাবে গৈছিল৷ তেতিয়া নীতীশ কুমাৰে আপত্তি কৰিছিল৷ ভয় কৰিছিল মুছলিম ভোট হেৰাব বুলি৷ এতিয়া সেই মোডীয়ে বক্তৃতা দিব নীতীশ কুমাৰৰ হৈ৷












