নিউজ ডেক্স:
ক’ভিডৰ বাবে ২৪ মাৰ্চৰ পৰা বন্ধ আছিল কেৰালাৰ শবৰীমালা মন্দিৰ৷ অৱশেষত সাত মাহৰ পাচত খুলিল মন্দিৰ৷ শনিবাৰে মন্দিৰত বহু ভক্ত প্ৰৱেশ ঘটে৷ কিন্তু তাৰ আগতে ক’ভিড পৰীক্ষা কৰিব লগা হয়৷ ৰিপৰ্ট নিগেটিভ আহিলে মন্দিৰত ভক্তই প্ৰৱেশ কৰিব পাৰে৷
সেই পৰীক্ষা দৰ্শনৰ ৪৮ ঘণ্টা আগতে কৰিব লাগিব৷ এই নিৰ্দেশ দিছে মুখ্যমন্ত্রী পিনাৰাই বিজয়নে। ভক্তসকলে ক’ভিড বিধি মানিব লাগিব৷ ১০ বছৰৰ পৰা ৬০ বছৰ বয়সীয়াল ভক্তই কেৱল মন্দিৰত দৰ্শন কৰিব পাৰিব৷
ইয়াৰ আগেয়ে অন্যান্য শাৰীৰিক পৰীক্ষাও কৰা হ’ব৷ সুস্থতাৰ প্ৰমাণপত্ৰ দেখুৱালে মন্দিৰত প্ৰৱেশৰ অনুমতি দিয়া হ’ব৷ সংক্ৰমণৰ পৰা এৰাই চলিবলৈ পাম্বা নদীত পুণ্যস্নানৰ অনুমতি দিয়া নাই৷ ভক্তক পাহাৰৰ পাদদেশত বেচ কেম্প কৰি ৰাতি থাকিবলৈ দিয়া নাই৷ প্ৰতিদিনে মাত্র ২৫০ জন ভক্তই মন্দিৰত প্ৰৱেশ কৰিব পাৰিব৷












