নিউজ ডেক্স:
ভাৰততকৈ পাকিস্তান আৰু আফগানিস্থানেও ক’ৰোনা ৰোধত সুফল পাইছে৷ আনহাতে বাংলাদেশ, নেপাল, ম্যানমাৰ, চীন, ভূটান, পাকিস্তান, শ্ৰীলংকা, আফগানিস্তান আৰু ভাৰতৰ অৰ্থনীতিৰ এক তুলনামূলক পৰিসংখ্যা দিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে৷ ক’ৰোনা সংক্ৰমণ ৰোধত মোডী চৰকাৰ চূড়ান্ত ব্যর্থ।
এইদৰে অভিযোগ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে৷ এইবাৰ ৰাহুল গান্ধীয়ে দাবী কৰিছে, সকলো প্ৰতিৱেশী দেশেই ক’ৰোনা ৰোধত ভাৰততকৈ ভালদৰে ব্যৱস্থা কৰিছে৷ আনকি পাকিস্তান আৰু আফগানিস্থানেও ক’ৰোনা ৰোধত সুফল পাইছে৷ ক’ৰোনাৰ বাবে দেশৰ অৰ্থনীতিৰ অৱস্থা পৰিসংখ্যাৰ ফালৰ পৰা তুলি ধৰি এনেদৰে দাবী কৰে ৰাহুল গান্ধীয়ে৷
টুইটাৰত আইএমএফৰ এই পূৰ্বাভাস হাথিয়াৰ কৰি চৰকাৰক সমালোচনা কৰে ৰাহুল গান্ধীয়ে৷ নিজৰ টুইটত বাংলাদেশ, নেপাল, ম্যানমাৰ, চীন, ভূটান, পাকিস্তান, শ্ৰীলংকা, আফগানিস্তান আৰু ভাৰতৰ অৰ্থনীতিৰ এক তুলনামূলক পৰিসংখ্যা দিয়ে কংগ্ৰেছ নেতাজনে৷ ইয়াত দেখা যায়, সকলো প্ৰতিৱেশী দেশৰ মাজত ক’ৰোনা পৰৱৰ্তী সময়ত ভাৰতৰ অর্থনীতিত সকলোতকৈ বেছি ক্ষতিগ্রস্ত হৈছে৷
এই পৰিসংখ্যা তুলি ধৰি কংগ্ৰেছ নেতাজনে কটাক্ষ কৰি কয়, এয়া বিজেপি চৰকাৰৰ আন এক ‘চমকপ্রদ সাফল্য’। আনকি পাকিস্তান আৰু আফগানিস্তাননো আমাতকৈ ক’ৰোনা পৰিস্থিতি ভালকৈ ৰোধ কৰিছে৷












