নিউজ ডেক্স:
আন্তর্জাতিক মুদ্ৰা নিধি চমুকৈ আইএমএফৰ পূৰ্বানুমান মতে, কৰোনাৰ সঙ্কট পাৰ হোৱাৰ পিছত বিশ্ব অর্থনীতিত আৰু বাঢ়িব চীনৰ প্রভাৱ। ২০২১ চনৰ বিশ্ব অর্থনীতিৰ আর্থিক বৃদ্ধিৰ ২৬.৮ শতাংশ আহিব পাৰে চীনৰ পৰা।
আনহাতে, ২০২৫ চনত এই আৰ্থিক বৃদ্ধি আৰু বাঢ়ি ২৭.৭ শতাংশ হ’ব পাৰে। এক কথাত ক’বলৈ গ’লে বিশ্ব অর্থনীতিত আমেৰিকাৰ যি অৱদান তাক চেৰ পেলাই বহু ওপৰলৈ উঠিব চীন।
উল্লেখ্য যে কৰোনাৰ ফলত সমগ্ৰ বিশ্বত অর্থনৈতিক সঙ্কটৰ সৃষ্টি হ’লেও চীনৰ অৰ্থনীতি কিন্তু তাৰ প্রভাৱৰ পৰা মুক্ত। সমগ্ৰ বিশ্বই এতিয়াও এই অতিমাৰিৰ সৈতে যুঁজি থকাৰ সময়ত চীনে ঘোষণা কৰিছে দেশখন কৰোনামুক্ত৷ এই পার্থক্যৰ বাবেই চীন আর্থিক বিকাশত আগুৱাই থাকিব বুলি ভাবে অর্থনীতিবিদসকলে।












