নিউজ ডেক্স:
বিহাৰৰ বিধানসভা নিৰ্বাচনত নতুন চমক কংগ্রেছৰ। পাটনাৰ বাংকিপুৰ সমষ্টিত অভিনেতা-ৰাজনীতিক শত্ৰুঘ্ন সিনহাৰ পুত্ৰ লৱক প্রাৰ্থিত্ব দিলে কংগ্ৰেছে।
৩৭ বছৰীয়া লৱও বলিউডৰ অভিনেতা। ২০১০ চনত ‘ছদিয়া’ ছবিত প্রথম অভিনয় কৰিছিল। ২০১৮ চনত ‘পল্টন’ ছবিত সহ-অভিনেতা হিচাবেও তেওঁক দেখা গৈছে। অৱশ্যে পিতৃ তথা ভগ্নী সোণাক্ষীৰ দৰে তেওঁ সিমান পৰিচিতি লাভ কৰা নাই।
বাংকিপুৰ সমষ্টিত লৱই যুঁজিব তাৰ তিনিবাৰৰ বিজেপি বিধায়ক নীতিন নবীনৰ সৈতে। ২০১৫ চনৰ বিধানসভা নিৰ্বাচনত বিহাৰজুৰি ‘মহাজোঁটবন্ধন’ৰ ঢৌতো প্রায় ৬০ শতাংশ ভোট পাইছিল নীতিনে। বাংকিপুৰৰ ভোটদাতাসকলৰ ভিতৰত বৃহৎ সংখ্যাত আছে উচ্চবর্ণৰ কায়স্থসকল। ভোটৰ সেই অঙ্কতেই কায়স্থ লৱক কংগ্রেছে প্রার্থী কৰিছে বুলি অনুমান কৰিছে ৰাজনীতিৰ বিশ্লেষকসকলে।
উল্লেখ্য যে বাংকিপুৰ বিধানসভা সমষ্টি পাটনা চাহিব লোকসভা সমষ্টিৰ অন্তর্গত। ২০০৯ আৰু ২০১৪ৰ লোকসভা নিৰ্বাচনত তাৰ পৰা বিজেপি প্রার্থী হিচাবে জয়ী হৈছিল শত্রুঘ্ন সিনহা। ২০১৯ চনত কংগ্রেছৰ প্রার্থী হয় তেওঁ। কিন্তু বিজেপি প্রার্থী ৰবিশঙ্কৰ প্রসাদৰ হাতত তেওঁ পৰাস্ত হয়।












