
লকডাউনত কাম হেৰুওৱা শ্রমিকসকলৰ কাষত থিয় দিবলৈ সিদ্ধান্ত লৈছে কেন্দ্রই। ‘অটল বিমিত ব্যক্তি কল্যাণ যোজনা’ (এবিভিকেৱাই)ত এই শ্রমিকসকলৰ মজুৰিৰ ৫০ শতাংশ পর্যন্ত ক্ষতিপূৰণৰ বন্দোবস্ত কৰিব বুলি প্রচাৰত নামিছে চৰকাৰ।
দুবছৰ পূৰ্বে আৰম্ভ হোৱা এই প্রকল্পৰ ম্যাদ বঢ়োৱা হৈছে আগষ্টলৈ। কিন্তু এতিয়াও তাৰ পৰা বিশেষ লাভ পোৱা নাই বুলি জনাইছে কেন্দ্রই। কেন্দ্রীয় শ্রম মন্ত্ৰালয়ৰ এগৰাকী বিষয়াই জনোৱা মতে, ‘‘এই পর্যন্ত তেনে কোনো লাভ পোৱা নাই। কিন্তু আমি আশা কৰিছো, লাহে লাহে সেইটো বাঢ়িব। বিজ্ঞাপন দি উপভোক্তাসকলৰ ওচৰত আৰু বেছিকৈ কাষ চপাৰ পৰিকল্পনা চলিছে।’’
উল্লেখ্য যে লকডাউনত কাম হেৰুৱালে আৰু ইএছআই অফিচত আবেদন কৰিলে তিনি মাহৰ অর্থাৎ ৯০ দিনৰ মজুৰিৰ ৫০ শতাংশ পাব শ্রমিকসকলে। লকডাউনৰ সময়ত কাম হেৰুৱাই পুনৰ অন্য ক’ৰবাত কামত যোগ দিলেও এই আবেদন কৰিব পাৰিব শ্রমিকসকলে৷ লগতে অইন ক’ৰবাত কাম পোৱাৰ বিষয়টো ক্ষতিপূৰণ পোৱাৰ ক্ষেত্ৰত প্ৰতিবন্ধক নহ’ব। কিন্তু আবেদন কৰিব লাগিব সোশৰীৰে ইএছআই অফিচলৈ গৈ। লগতে পূৰ্বৰ পৰাই যিসকল ইএছআইৰ সদস্য, তেওঁলোকেও আবেদন কৰিব পাৰিব। তেওঁলোক এই আর্থিক সাহায্যৰ বাবে বিবেচিত হ’ব যোৱা বছৰৰ ডিচেম্বৰ মাহৰ পৰা আৰম্ভ কৰি এই পর্যন্ত কাম হেৰুৱালেও।
কেন্দ্রীয় শ্রম মন্ত্ৰালয়ৰ এগৰাকী বিষয়াৰ মতে, ম্যাদ আৰু মজুৰিৰ ক্ষতিপূৰণৰ পৰিমাণ বঢ়োৱাৰ পিছৰ পৰা প্রতিদিনে গড়ে ৪০০কৈ আবেদন-পত্র জমা হৈছে। পিছে লকডাউনত ছাটাই হোৱা শ্রমিকৰ সংখ্যা হিচাব কৰিবলৈ গ’লে এই সংখ্যা তেনেই নগণ্য। সংশ্লিষ্ট মহলৰ বিশেষজ্ঞসকলৰ বেছিভাগৰ মতে, অধিকাংশ মানুহে এই বিষয়ত নাজানে। কাৰণ টিভি, সংবাদ-পত্রত এই সংক্রান্তীয় বিজ্ঞাপন নাই। নিয়মিত সেই ব্যৱস্থা কৰিলে তেতিয়াহে এই প্ৰকল্প সাধাৰণ মানুহৰ ওচৰ চাপিব বুলি তেওঁলোকৰ মত৷












