
ৰাজধানী দিল্লীত বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ অৰবিন্দ কেজৰিৱাল চৰকাৰে তৎপৰতা অৱলম্বন কৰিছে৷ সেয়ে দিল্লীজুৰি প্ৰদূষণৰ বিৰুদ্ধে যুদ্ধৰ প্ৰচাৰ অভিযান আৰম্ভ হৈছে৷ তাৰ অংশ হিচাপে ‘ৰেড লাইট অন, গাড়ী অফ’ নামৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে দিল্লী চৰকাৰে৷ চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে ছিগনেলত গাড়ী ৰোৱাৰ লগে লগে বন্ধ কৰি দিয়া হ’ব গাড়ীৰ ইঞ্জিন৷ তাৰ ফলত ইন্ধন ৰাহি হোৱাৰ লগতে বায়ু প্ৰদূষণ বহু কমিব বুলি দাবী কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে৷
ইয়াৰ লগতে কেজৰিৱালে কয়, দিল্লীত প্ৰায় এক কোটি পঞ্জীয়নভূক্ত গাড়ী আছে৷ দৈনিক ৩০–৪০ লাখ গাড়ী ৰাস্তাত যাতায়াত কৰে৷ এখন গাড়ী প্ৰতিদিনে ৰেড লাইটত অন্তত ১৫–২০ মিনিট ৰৈ থাকে৷ সেই সময়ত ইঞ্জিন বন্ধ কৰিলে অন্তত ২০০ এমএল তেল বাচিব৷ এনে কৰিলে প্ৰতি বছৰে এখন গাড়ীয়ে সাত হাজাৰ টকা ৰাহি কৰিব পাৰিব৷ ইঞ্জিন বন্ধ থাকিলে প্ৰদূষণো কমিব৷ ছিগনেল ৰঙা থাকিলে ইঞ্জিন বন্ধ কৰি তেল বচোৱাৰ প্ৰচাৰ বহু দিনৰ পৰা চলি আছে৷ প্ৰদূষণক হাথিয়াৰ কৰিছে মুখ্যমন্ত্রীয়ে৷ উল্লেখ্য যে যোৱা কিছু দিন ৰাজধানী দিল্লীৰ আকাশ ধোঁৱাৰে ভৰি পৰিছে৷ পাঞ্জাৱ, হৰিয়ানা আৰু উত্তৰপ্রদেশৰ ফচলৰ অৱশিষ্টখিনি জ্বলাই দিয়াত বায়ু প্ৰদূষণৰ মাত্ৰা বাঢ়িছে৷












