
শিক্ষা বিভাগে অলপতে প্ৰকাশ কৰা নিৰ্দেশ অনুসৰি সকলো চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ বাবে বেংকত একাউণ্ট খোলাটো বাধ্যতামূলক ৷

এই বেংক একাউণ্টসমূহৰ যোগেদি চৰকাৰীখণ্ডৰ শিক্ষাৰ্থীয়ে লাভ কৰিব চৰকাৰী অৰ্থ সাহায্য ৷ চৰকাৰী খণ্ডৰ ছাত্ৰ-ছাত্ৰীসকল বৰ্তমান ব্যতিব্যস্ত হৈ পৰিছে বেংকত একাউণ্ট খুলিবলৈ।












