
বিবাহৰ পঞ্জীয়নৰ বাবে দাবী কৰি দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চপা এহাল সমলিংগী দম্পতীৰ আৱেদনৰ শুনানি গ্ৰহণ কৰাৰ পাছত দিল্লী উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ আৰু লগতে দিল্লী চৰকাৰলৈ জাননী জাৰি কৰিছে ৷

সমলিংগী দম্পতীহালৰ আৱেদনৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ আৰু দিল্লী চৰকাৰৰপৰা প্ৰত্যুত্তৰ বিচাৰি এই জাননী জাৰি কৰা হৈছে ৷ দম্পতীহালে বিশেষ বিবাহ আইন আৰু বিদেশী বিবাহ আইনৰ অধীনত তেওঁলোকক বিবাদৰ পঞ্জীয়নৰ সুযোগ দিবলৈ আৱেদন কৰিছিল ৷ দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰাজীৱ সাহায় এণ্ডল’ আৰু আশা মেননৰ দুজনীয়া বিচাৰপীঠে এই আৱেদনৰ শুনানি গ্ৰহণ কৰি কেন্দ্ৰ আৰু দিল্লী চৰকাৰলৈ জাননী জাৰি কৰি প্ৰত্যুত্তৰ বিচাৰে ৷ ইয়াৰ পৰৱৰ্তী শুনানি হ’ব অহা বছৰৰ ৮ জানুৱাৰী তাৰিখে ৷

উল্লেখযোগ্য যে ভাৰতত বাস কৰা সকলো নাগৰিকৰে সম অধিকাৰ, সমতা আৰু স্বতন্ত্ৰতা আছে ৷ আৰু সেই অনুসৰি এই দম্পতীহালেও একেই অধিকাৰ পাবৰ যোগ্য বুলি ন্যায়ালয়ে কয় ৷ ইতিপূৰ্বে উচ্চতম ন্যায়ালয়ে ভাৰতত সমলিংগী যৌন সম্পৰ্কক বৈধ ঘোষণা কৰি থৈছে ৷












