
চৰকাৰী খৰচত যদি ধর্মীয় শিক্ষাত আপত্তি জনোৱা হয় তেতিয়াহ’লে কুম্ভমেলাৰ বাবে ৪২০০ কোটি টকা কিয় খৰচ কৰিলে চৰকাৰে। সেয়াও অনৈতিক বুলি আক্রমণ কৰিলে কংগ্রেছ নেতা উদিত ৰাজে। প্রাক্তন লোকসভা সাংসদগৰাকীয়ে দাবী কৰিছে, কুম্ভমেলাৰ বাবে এই বিপুল পৰিমাণৰ ধন খৰচ কৰাটো চৰকাৰৰ বাবে উচিত হোৱা নাই।
উল্লেখ্য যে কেইদিনমান আগতে অসমৰ শিক্ষামন্ত্রী হিমন্ত বিশ্ব শর্মাই কৈছিল, চৰকাৰী খৰচত মাদ্রাছা চলিবলৈ দিয়া নহ’ব। তাৰ পৰিপ্রেক্ষিততেই এই মন্তব্য কৰে প্রাক্তন কংগ্রেছ সাংসদজনে।
বিজেপিক আক্রমণ কৰিবলৈ গৈ কুম্ভমেলাক লৈ বিতর্কিত মন্তব্য কৰে প্রাক্তন কংগ্রেছ সাংসদ উদিত ৰাজে। তেওঁ অসমৰ বিজেপি নেতা হিমন্ত বিশ্ব শর্মাক আক্রমণ কৰি কয়, চৰকাৰী খৰচত যদি মাদ্রাছা চলিব নোৱাৰে তেনেহ’লে কুম্ভমেলাতত ৪২০০ কোটি টকা কিয় খৰচ কৰা হ’ল। কুম্ভমেলা এটি ধর্মীয় অনুষ্ঠান, চৰকাৰী খৰচত কি এই ধর্মীয় মেলাৰ আয়োজন বুলি তেওঁ প্ৰশ্ন কৰে।
আ্হাতে, কুম্ভমেলাক লৈ বিতর্কিত মন্তব্যৰ পিছতে কংগ্রেছ নেতাজনলৈ চমন পঠাইছে বিজেপিয়ে। ওলোটা আক্রমণ কৰি বিজেপিৰ কেন্দ্রীয় মন্ত্রী অনুৰাগ ঠাকুৰে কয়, কেইবাজনো নেতাই উন্নয়নৰ অর্থই বুজা নাই। কোনো এটি অনুষ্ঠানত যদি কেইবা কোটি লোকে অংশগ্ৰহণ কৰে, তেনেহ’লে চৰকাৰৰ দায়িত্বৰ ভিতৰত পৰে সেই অনুষ্ঠানৰ আন্তঃগাঁথনি উন্নয়নৰ৷ উন্নয়নৰ অর্থই বুজা নাই তেওঁলোকে।












