
নিউজ ডেস্কঃ
পত্নীক এবছৰ ধৰি শৌচাগাৰত বন্দী কৰি ৰখাৰ অভিযোগ উঠিল হাৰিয়ানাৰ এজন ব্যক্তিৰ বিৰুদ্ধে। বুধবাৰে মহিলাগৰাকীক উদ্ধাৰ কৰাৰ পিছত উদ্ধাৰকাৰীৰৰ অনুমান, দীর্ঘ সময় ধৰি তেওঁক খাবলৈও দিয়া নাই। ইফালে মহিলাগৰাকীৰ স্বামীৰ দাবী, তেওঁৰ পত্নী মানসিক ভাৰসাম্যহীন। তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
উল্লেখ্য যে হাৰিয়ানাৰ ৰিচপুৰ গাঁৱত এগৰাকী মহিলাক দীর্ঘদিন ধৰি শৌচাগাৰত বন্দী কৰি ৰখা হৈছে বুলি প্রথম অভিযোগটো লাভ কৰে হাৰিয়ানাৰ উইমেন প্রটেকচন এণ্ড চাইল্ড মেৰিয়েজ প্রহিবিচন ডিপার্টমেণ্টৰ বিষয়া ৰজনী গুপ্তাই। সম্ভৱতঃ গাঁওখনৰ কোনো বাসিন্দাই ফোন কৰি এই খবৰ দিয়ে। ইয়াৰ পিছতেই তেওঁ দলে-বলে ৰিচপুৰ গাঁৱলৈ যায়। অভিযোগ উঠা ঘৰখনলৈ গৈ দেখে, সঁচাকৈয়ে শৌচাগাৰত এগৰাকী মহিলাক বন্দী কৰি ৰখা হৈছে। ৰজনী গুপ্তাই মহিলাগৰাকীক উদ্ধাৰ কৰি সংবাদ মাধ্যমক জনায়, “এগৰাকী মহিলাক শৌচাগাৰত বন্দী কৰি ৰখা হৈছিল বুলি আমালৈ খবৰ আহে। সেইটো শুনি আমি ঘটনাস্থলীলৈ গৈ দেখো সেয়া সত্য। কেৱল বন্দী কৰি ৰখাই নহয়, সম্ভৱতঃ মহিলাগৰাকীক বহু দিন একো খাবলৈও দিয়া হোৱা নাই।”
ইফালে অভিযুক্ত স্বামীৰ বক্তব্য, “মোৰ পত্নী মানসিক ভাৰসাম্যহীন। তেওঁক বাহিৰত বহি থাকিব দিলেও সেইটো নকৰে। তাৰ বাবে চিকিৎসকৰ ওচৰলৈও লৈ যোৱা হয়। কিন্তু তাতো একো উন্নতি নহয়।” অৱশ্যে স্বামীৰ বক্তব্য মানিবলৈ ৰাজী নহয় ৰজনী গুপ্তা। তেওঁ আৰক্ষীক সমগ্ৰ বিষয় জনায়।
স্থানীয় আৰক্ষী সূত্ৰ মতে, অভিযুক্ত ব্যক্তিজনৰ নাম নৰেশ। ইতিমধ্যে তদন্ত আৰম্ভ হৈছে। মহিলাগৰাকী আচলতে মানসিক ভাৰসাম্যহীন হয়নে নহয় সেয়া জানিবলৈ চিকিৎসকৰ পৰামর্শ লোৱা হ’ব বুলিও আৰক্ষীয়ে জনাইছে।












