
নিউজ ডেস্কঃ
চাৰি দিন ধৰি ধাৰাসাৰ বৰষুণ তেলেংগানা আৰু অন্ধ্রপ্রদেশত৷ বিগত কেইটামান বছৰত এনেধৰণৰ বৰষুণ আৰু বান হোৱা নাই তেলেংগানাত৷ বৰষুণৰ ফলত পথ পানীৰে উপচি পৰিছে৷ পানীত উটি গৈছে মানুহ, গাড়ী আদি৷ যোগাযোগ ব্যৱস্থা বিপৰ্যস্ত হৈ পৰিছে৷ লগতে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈছে৷ প্ৰকৃত অৰ্থত বিপর্যস্ত জনজীৱন। এই বানৰ বাবে মৃত্যুৰ সংখ্যাও বাঢ়িছে ৷

প্ৰাপ্ত তথ্য মতে তেলেংগানাত মৃত্যুৰ সংখ্যা ৩০ লৈ বৃদ্ধি পাইছে৷ হাইদৰাবাদত মৃত্যু হৈছে কমেও ১৫ জন৷ আনহাতে উদ্ধাৰ কাৰ্যত নামিছে সেনা আৰু এনডিআৰএফ। বান পৰিস্থিতিৰ বাবে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে আলোচনা কৰিছে ৷ দুয়োখন ৰাজ্যক সকলোধৰণৰ সহায়ৰ কথা কৈছে কেন্দ্ৰীয় চৰকাৰে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দুয়োখন ৰাজ্যৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ দিছে ৷












