নিউজ ডেক্স:
আইন অমান্য কৰা গাড়ীক ৰখাবলৈ গৈ দুর্ঘটনাত পতিত হ’ল কর্তব্যৰত ট্ৰেফিক পুলিচ। ঘটনাটো ঘটিছে দক্ষিণ দিল্লীৰ এটি ব্যস্ত ৰাজপথত। চিচিটিভি ফুটেজৰ সেই ভিডিও বিয়পি পৰিছে ছচিয়েল মিডিয়াৰ বিভিন্ন প্লেটফর্মত।
দিল্লীৰ ধৌলা কুঁৱা এলেকাত ট্ৰেফিক আইন অমান্য কৰিছিল এখন গাড়ীয়ে। গাড়ীখন ৰখোৱাৰ চেষ্টা কৰে তাত কর্তব্যৰত এজন ট্ৰেফিক পুলিচে। কিন্তু গাড়ীখন নৰখাই আৰক্ষীজনকে লৈ পলাবলৈ আৰম্ভ কৰে। ভিডিওটোত দেখা গৈছে, গাড়ীৰ বনেটত আৰক্ষীজনক লৈ পলাইছে গাড়ীখন।
প্রায় ৪০০ মিটাৰমান যোৱাৰ পিছত ব্যস্ত ৰাস্তাতেই পৰি যায় আৰক্ষীজন। লগে লগে তীব্ৰ গতিৰে গাড়ীখন পলাই যায়।জানিব পৰা মতে এই ঘটনাটো ঘটিছে সোমবাৰে। আৰক্ষীগৰাকীৰ নাম মাহিপাল সিং।
আৰক্ষীয়ে জনাইছে, অভিযুক্ত গাড়ীচালকজনক গ্রেপ্তাৰ কৰি গোচৰ ৰুজু কৰা হৈছে। তেওঁৰ নাম শুভম। তেওঁ দক্ষিণ-পশ্চিম দিল্লীৰ উত্তমনগৰৰ বাসিন্দা।












