স্বাস্থ্য প্ৰতিবেদন
নভেল ক’ৰোনা অতিমাৰি পৰিস্থিতিত বিশ্বৰ প্রায় সকলো দেশতেই মানুহৰ জীৱন যাপনত আমূল পৰিবৰ্তন হৈছে। সৰুৰ পৰা ডাঙৰ অজস্র মানুহ পঢ়া-শুনাৰ পৰা কাম-কাজ সকলোতে অনলাইনত নির্ভৰশীল।
ইয়াৰ বাবে দিনৰ বহু সময় কটাবলগা হয় কম্পিউটাৰ বা মোবাইলৰ স্ক্রিনৰ ফালে চায়। ইয়াৰ ফলত চকু ৰঙা হৈ পানী ওলোৱা, চকু আৰু মূৰৰ বিষ আদি ভাব হয়। এই সমস্যাৰ নাম ‘চিভিএছ’ অর্থাৎ ‘কম্পিউটাৰ ভিজন চিনড্রম’। এই বিষয়টো খুব গুৰুতৰ নহয় ঠিকেই, কিন্তু নিয়মীয়া সমস্যাত দৃষ্টিশক্তি কমি যোৱাৰ সম্ভাৱনা থাকে। কিন্তু কেইটামান নিয়ম মানি চলিলেই কম্পিউটাৰ ভিজন চিনড্রমৰ হাত এৰাব পৰা যায় বুলি চকুৰোগ বিশেষজ্ঞসকলে কয়।

‘ৱৰ্ল্ড ছাইট ডে’ত দৃষ্টিশক্তি ভালে ৰখাৰ লগতে অন্ধত্ব নিবাৰণত সাধাৰণ মানুহক সচেতন কৰা হয়। এই বছৰৰ ‘ৱৰ্ল্ড ছাইট ডে’ৰ থিম হৈছে ‘হ’প ইন ছাইট’। এই মুহূর্তত বিশ্বৰ ১ কোটি ২০ লক্ষ মানুহৰ স্বল্প দৃষ্টিশক্তিৰ কাৰণে চছমাৰ প্রয়োজন। কিন্তু অধিকাংশ মানুহৰেই চছমা কিনিব পৰাৰ সামর্থ্য নাই। সেয়ে তেওঁলোকৰ দৃষ্টিশক্তি ক্রমশ অস্বচ্ছ হৈ পৰিছে। আকৌ প্রতি ৪ জন স্বল্প দৃষ্টিৰ মানুহৰ মাজত ৩ জনৰেই সমস্যাৰ সমাধান কৰিব পৰা যায় সহজতে। অথচ সচেতনতাৰ অভাৱত তেওঁলোক ক্রমশ দৃষ্টিহীন হৈ পৰিছে।
চকুৰ সমস্যাৰ মূলতে আছে কম্পিউটাৰ আৰু মোবাইল ব্যৱহাৰ। কম্পিউটাৰ ভিজন চিনড্রম (চিভিএছ)ৰ প্রধান কাৰক ডিঙিত এফালে ডিঙি কাতি কৰি বা চিধা কৰি ৰখা। ইয়াৰ ফলত ডিঙিৰ পেশীত ৰক্ত চলাচল কমি টনটনীয়া হৈ যায়। সেয়ে ডিঙি-মূৰত বিষ কৰে। কিন্তু কেৱল ডিঙি, মূৰ আৰু চকুতেই সমস্যা ৰখি নাথাকে, পিঠি, কান্ধ আৰু হাততো বিষ কৰে।
এই সকলোৰে মূলতেই কিন্তু একে ভঙ্গীমাত বহু সময় ধৰি বহি থকা। আমেৰিকাৰ নেচনেল ইনষ্টিটিউট অব অকুপেচনেল ছেফটি এণ্ড হেলথৰ সমীক্ষাত জনা গৈছে যে যিসকলে দিনত গড়ে দুইৰ পৰা তিনি ঘণ্টা কম্পিউটাৰত কাম কৰে, তেওঁলোকৰ মাজত প্রায় ৯০% এই সমস্যাত ভুগিছে।এওঁলোকৰ ভিতৰত আকৌ বেছিভাগৰেই বয়স ১৮ৰ পৰা ২৫ বছৰ।
চকু ভালে ৰাখিবলৈ ভিজি থকা দৰকাৰ। কিন্তু কম্পিউটাৰ বা মোবাইলত কাম বা চ্যাট কৰাৰ সময়ত বেছিভাগ মানুহেই অপলক দৃষ্টিত থাকে। চকুৰ পলক নপৰে। সেয়ে চকুপানী বাহিৰ ওলাব নোৱাৰে। ইয়াৰ ফলত চকু শুকাই যায়।
চকু শুকাই গ’লেই সকলো সমস্যাৰ উৎপত্তি হয়। চকু জ্বলে, খচখচাই, ৰঙা হৈ পানী পৰে, জাপ খাই থকা যেন দেখায়, কেতিয়াবা কেতিয়াবা দুটা দুটা দেখায়, তাৰ লগতে ডিঙি, মূৰ আৰু পিঠিত বিষ কৰিব পাৰে। কান্ধ আৰু গাঁঠিতো বিষ কৰে। কম্পিউটাৰৰ স্ক্রিন বেছি উজ্জ্বল হ’লে বা কম পোহৰত কাম কৰিলে অথবা একেবাৰে ওচৰ বা বহু দূৰত স্ক্রিন থাকিলে সমস্যা বেছি হয়। কেৱল কম্পিউটাৰেই নহয়, মোবাইল, টেবলেট বা আই পেড ব্যৱহাৰ কৰিলেও একেই সমস্যা দেখা যায়।
যিহেতু বৰ্তমান কম্পিউটাৰ অবিহনে চলিব নোৱাৰি, সেয়ে ২০-২০-২০ নীতি মানি চলক। ২০ মিনিট কম্পিউটাৰত কাম কৰাৰ পিছত ২০ ফুট দূৰৈত থাকিব লাগিব ২০ চেকেণ্ডৰ বাবে। ভালদৰে থিয় হৈ দুই-তিনি মিনিট খোজ কাঢ়ক। সেউজীয়াৰ ফালে চালে চকুৰ আৰাম হয়। কিছু সময় কাম কৰাৰ পিছত উঠি গৈ চকুত পানী দিয়াটো ভাল হয়।
প্রয়োজন হ’লে আইটন বা ৰিফ্রেছ জাতীয় ড্রপ ব্যৱহাৰ কৰিব। বিশেষকৈ যিসকলৰ চকোটি অলপ কম পাৱাৰ আছে তেওঁলোকে চছমা অবিহনে কাম কৰিলে সমস্যা বাঢ়ি যায়। কম্পিউটাৰ যদি শীততাপ নিয়ন্ত্রিত যন্ত্রৰ ওচৰত থাকে আৰু ঠাণ্ডা বতাহত চকু আৰু শুকাই যায়। ইয়াৰ উপৰি নিয়মমতে ডিঙি আৰু চকুৰ ব্যায়াম কৰা প্ৰয়োজন।
তলৰ কথা কেইটাত গুৰুত্ব দিয়ক:
• কম্পিউটাৰ আৰু মোবাইলৰ স্ক্রিন যেন অতিৰিক্ত উজ্জ্বল নহয়, পোহৰ কমাই ৰাখক।
• স্ক্রিনৰ পৰা নির্দিষ্ট দূৰত্ব বজায় ৰাখিব লাগিব।
• সঠিক ভঙ্গীমাত বহি কাম কৰিব লাগিব। কম্পিউটাৰৰ মনিটৰৰ ওপৰৰ দিশ চকুৰ পোনে পোনে থাকিলে ভাল হয়।
• চছমা পিন্ধি কাম কৰিলে এন্টিগ্লেয়াৰ লেন্স ব্যৱহাৰ কৰিলে ভাল হয়।
• ২০– ২০–২০ নিয়ম মেনে চলিবই লাগিব। ২০ মিনিট অন্তৰে অন্তৰে চকুক প্ৰায় ২০ ছেকেন্ডৰ বাবে বিশ্রাম দিব লাগিব।
• চকুত লুব্রিকেন্ট আই ড্রপ ব্যৱহাৰ কৰিব লাগিব।










