নিউজ ডেক্স:
প্রধানমন্ত্রী পদপ্রার্থী হিচাবে নৰেন্দ্র মোদীয়ে দেশৰ অর্থনীতিৰ কৰুণ দশাৰ কাৰণে নিৰ্বাচনী-প্রচাৰত তৎকালীন প্রধানমন্ত্রী মনমোহন সিঙক তুলাধুনা দিছিল।
মোদীয়ে দাবী কৰিছিল, ইউপিএ চৰকাৰৰ পঙ্গু নীতি আৰু দুর্নীতিৰ কাৰণেই বৃদ্ধিৰ হাৰ ৮ শতাংশ চুব পৰা নাই। ইঙ্গিত দিছিল, তেওঁ দেশৰ গুৰি ধৰিলে পৰিস্থিতি সলনি কৰিব। সেয়া আছিল ২০১৪ চন। কিন্তু বৰ্তমান ২০২০ত কিন্তু ছবিয়ে একেবাৰে অন্য কথাহে কয়।
দিল্লির মচনদ দখলৰ লক্ষ্যত বছৰি দুই কোটি সংস্থাপনৰ সুযোগ সৃষ্টিৰ স্বপ্ন দেখিছিল নৰেন্দ্র মোদীয়ে। কিন্তু চৰকাৰী পৰিসংখ্যা অনুযায়ী, ইউপিএ চৰকাৰৰ শেষৰ ফালৰ (২০১১-১২) পৰা মোদীৰ প্রথম কাৰ্যকালৰ শেষ অংশ (২০১৮-১৯)ৰ ভিতৰত চহৰতেই দুগুণ হৈছে নিবনুৱাৰ হাৰ, যিটো গাঁৱত প্রায় তিনি গুণ। ৰিজার্ভ বেঙ্কৰ সমীক্ষা অনুযায়ী, ২০১১-১২ চনত গ্ৰামাঞ্চলত প্রতি হাজাৰত কর্মহীন আছিল ১৭ জন, চহৰত ৩৪; ২০১৮-১৯ চনত সেয়া হৈছে যথাক্রমে ৫০ আৰু ৭৭ জন!
এতিয়া প্রশ্ন উঠিছে, প্রধানমন্ত্রীয়ে যে দেশী-বিদেশী বিনিয়োগ অহাৰ কথা কয়, অর্থনীতিৰ প্রগতিৰ দাবী কৰে, কামৰ বজাৰত তাৰ চিন ক’ত? ৰাষ্ট্ৰীয় নমুনা সমীক্ষাৰ তথ্য আৰু সেই তথ্যৰ ভিত্তিত ৰিজার্ভ বেঙ্কৰ পৰিসংখ্যাৰ পৰা স্পষ্ট যে, বৃদ্ধিৰ হাৰৰ দৰে কৰ্ম সংস্থাপনৰ সুযোগ সৃষ্টিতো মনমোহন সিঙৰ সময়তকৈ বহু যোজন পিছত মোদী চৰকাৰ।
কিন্তু কিয় হ’ল মোদীৰ যুগত এই অৱস্থা?
বিশেষজ্ঞসকলৰ একাংশৰ মতে, ইয়াৰ অন্যতম কাৰণ বিমুদ্ৰকৰণ আৰু জিএছটি প্ৰৱৰ্তনৰ প্ৰভাৱ। কৰোনা আৰু লকডাউনৰ চাপত এপ্রিলৰ পৰা আগষ্টৰ ভিতৰত দেশত নিৰ্দিষ্ট বেতনৰ চাকৰি গৈছে দুই কোটিৰো বেছি। অসংগঠিত ক্ষেত্রৰ অৱস্থা তথৈবচ। কাম হেৰুৱাইছে অসংখ্য কর্মচাৰীয়ে। প্ৰব্ৰজিত শ্রমিকসকলৰ দুর্দশা দেখিছে সমগ্ৰ বিশ্বই।












