নিউজ ডেক্স:
মানসিক ৰোগ ভাল কৰাৰ নামত ১৫ বছৰীয়া এগৰাকী কিশোৰীক ধর্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ ফলত এজন ভণ্ড সাধুক উত্তেজিত জনতাই মাৰধৰ কৰে৷ এই ঘটনাটো ঘটিছে তেলেংগানাৰ নিজামাবাদ জিলাত৷
পাচত অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে কিশোৰীক পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ পঠাইছে আৰক্ষীয়ে৷ জানিব পৰা মতে নিজামাবাদ জিলাৰ বাসিন্দা ১৫ বছৰীয়া এগৰাকী কিশোৰীৰ মানসিক সমস্যা আছিল৷ সেয়ে তেওঁক সাধুৰ কাষলৈ লৈ গৈছিল পিতৃ-মাতৃয়ে৷ সাধুৱে ৰোগ নিবাৰণৰ মিছা প্রতিশ্রুতি দি তিনি মাহ ধৰি কিশোৰীক ধর্ষণ কৰে৷
পাচত পেটৰ বিষ আদি হ’বলৈ আৰম্ভ কৰাত পৰিয়ালে কিশোৰীগৰাকীক চিকিৎসাীকৰ কাষলৈ নিয়ে৷ তাতে জানিব পাৰে যে কিশোৰীগৰাকী গৰ্ভৱতী হৈছে৷ ইয়াৰ পাচতে কিশোৰীগৰাকীয়ে ঘৰৰ লোকৰ আগত সাধুৰ কুকীর্তিৰ কথা খুলি কয়৷
এই ঘটনা শুনি কিশোৰীৰ আত্মীয় স্বজন আৰু স্থানীয় বাসিন্দা গৈ অভিযুক্ত সাধুক ঘৰতে মাৰধৰ কৰে৷ পৰিস্থিতি গুৰুতৰ হোৱাত সাধুৱে পলাবলৈ ধৰে৷ কিন্তু তাতো সাধুৱে ৰক্ষা নাপালে৷ সকলোৱে সাধুক মাৰধৰ কৰে৷ আনহাতে ঘটনাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত দিয়ে৷ ফলত প্ৰশাসনৰ দৃষ্টিগোচৰ হয়৷ ইয়াৰ পাচত ঘটনাস্থলীলৈ গৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰু কিশোৰীক চিকিৎসাৰ বাবে প্ৰেৰণ কৰে৷












