নিউজ ডেক্স:
যোগীৰাজ্য হাথৰছত সংঘটিত আন এক ধৰ্ষণ কাৰ্য। মনীষা বাল্মিকীৰ ধৰ্ষণ কাণ্ডৰ হূলস্থূল মাৰ নৌযাওঁতেই আকৌ মংগলবাৰে এগৰাকী চাৰিবছৰীয়া কণমানি শিশুক ধৰ্ষণ কৰে ঘৰৰ আত্মীয়ই। ইতিমধ্যে ধৰ্ষণ কাৰ্য সংঘটিত কৰা নৰপিশাচ অৰবিন্দক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
হাথৰছৰ চানসী অঞ্চলত বসবাস কৰা এই শিশুটোৱে ঘৰতে খেলি থকা অৱস্থাত অৰবিন্দই শিশুটোৰ ওপৰত অত্যাচাৰ কৰে। পিছত শিশুটোৱে যন্ত্ৰণাত থাকিব নোৱাৰা হোৱাত পৰিয়ালৰ লোকে হাস্পাতালত ভৰ্তি কৰোৱায় আৰু শিশুটো ধৰ্ষণৰ বলি হোৱা বুলি জনায় চিকিৎসকে। শিশুটোৰ পৰিয়ালৰ লোকে কাকা থানাত এজাহাৰ দাখিল কৰা পিছতেই অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।












