নিউজ ডেক্স:
এজন সফল মানুহৰ পিছত থাকে এটা কঠিন অতীত, থাকে প্রতিবন্ধকতা। পৰিশ্রম আৰু অধ্যৱসায়ৰ মাধ্যমেৰে প্রতিবন্ধকতাক দূৰ কৰি নিজকে প্রতিষ্ঠিত কৰে তেওঁলোকে। আজি যিসকল শিল্পী, চেলিব্রেটি, যিসকলৰ বিলাসবহুল জীৱন দেখি আমিও সপোন দেখো, তেওঁলোকৰ আৰম্ভণিটো কিন্তু ইমান সহজ নহয়৷ কষ্টসাধ্য পথ অতিক্ৰম কৰাৰ পিছতহে তেওঁলোক জনপ্রিয় হ’ব পাৰিছে।
এটা কোঠাৰ ঘৰৰ পৰা আজি বিলাসী বাংলো, পৰিচিতি আৰু প্রচুৰ মানুহৰ ভালপোৱা অৰ্জন, বলিউডৰ অন্যতম গায়িকাসকলৰ তালিকাত স্থান লাভ কৰা, ইয়াৰ কিন্তু অতীতটো বহুতেই কষ্টসাধ্য আছিল তেওঁৰ বাবে। হয়, ইয়াত যাৰ কথা কোৱা হৈছে তেওঁ হৈছে নেহা কাক্কাৰ।
উত্তৰাখণ্ডৰ এটি নিম্নবিত্ত পৰিয়ালত জন্মগ্রহণ কৰিছিল নেহাই।
https://youtu.be/wj4TPgHNO74
পিতৃ পেছাত আছিল এজন ছিঙৰা ব্যৱসায়ী। সৰুৰে পৰাই বিভিন্ন অনুষ্ঠানত গান গাইছিল নেহাই। সৰুৰ পৰা ডাঙৰ হোৱাৰ পথত বিভিন্ন অনুষ্ঠানত ভজন গাইছিল। সম্প্রতি তেওঁৰ এটি পুৰণি ভিডিও ভাইৰেল হৈছে য’ত তেওঁক সৰুকালত এটি অনুষ্ঠানত ভজন গাই থকা দেখা গৈছে।
ইয়াৰ পিছত লাহে লাহে নিজৰ গানকে কেৰিয়াৰ বানোৱাৰ উদ্দেশ্যে উত্তৰাখণ্ডৰ পৰা আহি মুম্বাইত ভৰি দিয়ে নেহা কাক্কাৰ আৰু তেওঁৰ ভাতৃ টনি কাক্কাৰে। ইয়াৰ পিছত এটি ৰিয়েলিটি শ্ব’ত অংশগ্রহণ কৰাৰ সুযোগ লাভ কৰে আৰু তাত বিজয়ী হৈ প্রৱেশ ঘটে বলিউডত।
তাৰ পিছত আৰু নেহাই উভতি চাবলগীয়া হোৱা নাই তেওঁৰ প্রথম গান ‘ফাটা পোষ্টাৰ নিকলা হিৰো’ ছবিৰ ধাতিং নাচ গান, যিটো গায় জনপ্রিয়তা লাভ কৰে। তাৰ পিছৰ পৰা এটাৰ পিছত আন এটা গান উপহাৰ দি পুৰণি গানবোৰক নতুন শৈলীত গাই সকলোৰে প্রিয় পাত্রী হৈ উঠে। তেওঁৰ গানৰ সুৰৰ সোঁতত ভাহি যায় আবাল-বৃদ্ধ-বণিতা।












