নিউজ ডেক্স:
টিআৰপি বিতৰ্কৰ মাজতে পুনৰ সংকটত ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী৷ এইবাৰ মুম্বাই আৰক্ষীয়ে মহাৰাষ্ট্রৰ পালঘৰৰ সাধুহত্যা গোচৰ আৰু বান্দ্রাত প্ৰব্ৰজিত শ্রমিকক উদ্দেশ্যি ধর্মীয় উচতনিমূলক বাতৰি পৰিবেশনৰ অভিযোগত অর্ণৱ গোস্বামীলৈ শ্ব’-কজ নোটিচ পঠাইছে।
পালঘৰ গোচৰত তেওঁৰ বিৰুদ্ধে ধর্মীয় উচতনিমূলক মন্তব্য কৰাৰ অভিযোগ অনাৰ লগতে বান্দ্রাত প্ৰব্ৰজিত শ্রমিক সম্পৰ্কতো তেওঁ একেই ধৰণৰ মন্তব্য কৰা বুলি আৰক্ষীৰ অভিযোগ। তেওঁ অহা ১৬ অক্টোবৰত দিনৰ ৪ বজাৰ ভিতৰত অৰলি খণ্ড বিচাৰপীঠৰ বিশেষ এক্সিকিউটিভ মেজিষ্ট্ৰেট আৰু এছিষ্টেণ্ট কমিছনাৰ অব পুলিচৰ সন্মুখত হাজিৰ হৈ তেওঁৰ ওপৰত কিয় আইনী পদক্ষেপ গ্ৰহণ কৰা নহ’ব তাৰ কাৰণ ব্যাখ্যা কৰিব লাগিব।
যদি তেওঁৰ ব্যাখ্যা সন্তোষজনক নহয় তেতিয়াহ’লে তেওঁৰ বিৰুদ্ধে আইনী পদক্ষেপ গ্ৰহণ কৰিব পাৰে আৰক্ষীয়ে। ইয়াৰ উপৰি অর্ণৱ গোস্বামীয়ে আগন্তুক এটা বছৰত এনে ধৰণৰ ব্যৱহাৰৰ পৰা বিৰত থাকিব বুলিও লিগেল ছিকিউৰিটি বণ্ডত চহী কৰি জনাব লাগিব। ইয়াৰ অন্যথা তেওঁ ১০ লাখ পর্যন্ত জৰিমনা ভৰিব লাগিব।












