![]()
নিউজ ডেস্কঃ
যিটো আশংকা কৰা হৈছিল পৰিস্থিতি তাতকৈ বেয়া৷ ভাৰতীয় অর্থনীতিৰ বৃদ্ধিৰ হাৰ লৈ আইএমএফ এনেদৰে উদ্বেগ প্রকাশ কৰিছে৷ আইএমএফৰ সাম্প্রতিক ৰিপৰ্টত ভাৰতত জিডিপি বা আর্থিক বৃদ্ধিৰ ভীষণ সংকোচনৰ আশংকা কৰা হৈছে৷ কোৱা হৈছে, আগৰ পূৰ্বানুমানক চেৰ পেলাই বেছি সংকুচিত হ’ব পাৰে ভাৰতৰ জিডিপি। আইএমএফৰ ৰিপৰ্টত কোৱা হৈছে, চলিত বছৰত ভাৰতত জিডিপিৰ হাৰ ১০.৩ শতাংশলৈ সংকুচিত হ’ব পাৰে৷ জুন মাহত আইএমএফে ৪.৫ শতাংশ সংকোচনৰ কথা কৈছিল৷
আইএমএফৰ ৰিপৰ্টত কোৱা হৈছে, এপ্ৰিল-জুন তিনি মাহত ভাৰতৰ জিডিপিৰ হাৰ ২৩.৯ শতাংশ সংকুচিত হৈছিল৷ তাকে দেখি এই হাৰ বাঢ়ি যায়৷ আইএমএফে কয়, আশংকাতকৈ বেছি ক্ষতিগ্রস্ত হৈছে ভাৰতৰ যোৱা তিনি মাহৰ আৰ্থিক বৃদ্ধি৷
ইয়াৰ বাবে লকডাউনকেই দায়ী কৰিছে আইএমএফে৷ উল্লেখ্য যে ভাৰতৰ লগতে বিশ্বৰ আন দেশবোৰটো অর্থনীতি ক্ষতিগ্রস্ত হৈছে৷ আইএমএফৰ মুখ্য অর্থনীতিবিদ গীতা গোপীনাথে এই কথা উল্লেখ কৰে৷












