নিউজ ডেক্স:
চলচ্চিত্র জগতত ৰাম গোপাল বার্মা জনপ্রিয় উত্তেজক আৰু বিতর্কিত ছবি নিৰ্মাণৰ বাবে। ঠিক তেনেধৰণৰেই আন এখন সম্পূর্ণ ভিন্ন স্বাদৰ ছবি লৈ দর্শকৰ কাষত উপস্থিত হ’বলৈ তেওঁ আগবাঢ়িছে। পাৱাৰ ষ্টাৰৰ পিছত এতিয়া আৰজিভিৰ মুক্তিৰ অপেক্ষাত থকা চলচ্চিত্র ‘ডেঞ্জাৰাছ’।
এই ছবিত দুগৰাকী সমকামী নাৰীৰ জীৱনক ফুটাই তোলা হ’ব বুলি জানিব পৰা গৈছে। ৰাম গোপাল বার্মাই তেওঁৰ টুইটাৰত ভাৰতৰ প্রথম লেছবিয়ান ক্রাইম একচন ড্রামা ‘ডেঞ্জাৰাছ’ৰ প্রথম পোষ্টত পোষ্টাৰ আৰু শ্থিৰ চিত্ৰ প্রকাশ কৰিছে।
পাৱাৰ ষ্টাৰৰ পিছত ‘ডেঞ্জাৰাছ’ৰ বাবে এটি আকর্ষণীয় যুটি বাছি লৈছে য’ত তেওঁ দুজনী ছোৱালীৰ মাজত প্রেম আৰু জীৱন দেখুৱাইছে।
‘ডেঞ্জাৰাছ’ ছবিখন হ’ল এখন ক্রাইম ড্রামা য’ত মূল চৰিত্রত আছে নায়না গাঙ্গুলি আৰু অপ্সৰা ৰাণী। দুয়োগৰাকী যুৱতীক ইজনে সিজনৰ বাবে মাৰিব পৰা বা নিজে মৰিবলৈ ৰাজী থকা হিচাবে দেখা যাব। বিপজ্জনক হ’ব ভাৰতৰ প্রথম লেছবিয়ান ক্রাইম একচন মুভিখন।
ৰাম গোপাল বার্মাই টুইটত লিখিছে, “মাননীয় ছুপ্রিম কোৰ্টে ৩৭৭ ধাৰা বাতিল কৰাৰ পিছত এলজিবিটিৰ কলঙ্কক সাংস্কৃতিকভাবে উন্নত কৰিবলৈ ভাৰতৰ ভিতৰত প্রথম ছবি হ’ব ডেঞ্জাৰাছ।
ভাৰতীয় ছবি জগতত নতুন যুগৰ পথিকৃত অভিনেত্রী অপ্সৰা ৰাণী আৰু নায়না গাঙ্গুলি উভয়লৈকে মোৰ আন্তৰিক অভিনন্দন। ডেঞ্জাৰাছ ছবিত মোৰ উদ্দেশ্য এজন পুৰুষ আৰু এগৰাকী মহিলাৰ মাজত যিমান শ্রদ্ধা আৰু মর্যাদাৰে প্ৰেমৰ সম্পৰ্কক লোৱা হয় দুগৰাকী মহিলাৰ মাজতো একেদৰে এটি প্রেমৰ কাহিনী চিত্রিত কৰা৷”












