
উত্তৰ প্ৰদেশত গৰু-ম’হৰ বাবে আধাৰ কাৰ্ড প্ৰচলন কৰা হৈছে। প্ৰতিটো গৰুৰ বাবে থাকিব ১২ সংখ্যাৰ ইউনিক আইডেনণ্টিফিকেচন নম্বৰ। সেই নম্বৰৰ জৰিয়তে প্ৰশাসনে গৰুৰ যাৱতীয় তথ্য বিচাৰি পাব৷ ইতিমধ্যে প্ৰতিটো গৰুৰ কানত হালধীয়া ৰঙৰ এটা টেগ লগোৱাৰ আৰম্ভ হৈছে৷ সেই টেগৰ লগতে থাকিব এটা ছিপ৷ সেই ছিপ এক্সেছ কৰি গৰু আৰু গৰুৰ মালিকৰ যাৱতীয় তথ্য পাব৷ সমগ্ৰ উত্তৰ প্ৰদেশত এতিয়া ৫ কোটি ২০ হাজাৰ গৰু-ম’হ আছে ৷
ইতিমধ্যে এক কোটি ৩৩ লাখ গৰুৰ কানত হালধীয়া ৰঙৰ টেগ লগোৱা হৈছে৷ ৬৬ লাখ গৰু আৰু ৬৭ লাখ ম’হৰ কানত লগোৱা হৈছে ছিপ৷ এক বিশেষ ধৰণৰ ৰেডিঅ’ ফ্রিকোয়েন্সি আইডি ছিপৰ জৰিয়তে গৰুৰ বয়স, স্থান, প্রজাতি, টীকাকৰণৰ সময়, গাখীৰ দিয়া পৰিমাণ, ওজনসহ সকলো জানিব পৰা যাব৷ তদুপৰি এই নির্দিষ্ট গৰুৰ মালিক আৰু তেওঁৰ ফোন নম্বৰ সেই ছিপছত থাকিব৷ ২০২১ চনৰ ৩১ মাৰ্চৰ ভিতৰত উত্তৰ প্ৰদেশত প্ৰতিটো গৰুৰ আধাৰ কাৰ্ড হৈ উঠিব বুলি জানিব পৰা গৈছে৷












