
কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধনে জনোৱা মতে, অহা বছৰৰ গুৰিতেই বহু কেইটা কৰোনা ভেকচিন দেশত উপলব্ধ হ’ব৷ তেওঁ আশা প্ৰকাশ কৰে, এই সময়ছোৱাত কৰোনা ভেকচিনৰ গৱেষণা আৰু উৎপাদনৰ ক্ষেত্রত সাফল্য লাভ কৰিব পৰা যাব৷ তেওঁ লগতে কয়, যেতিয়া এই ভেকচিনৰ সম্পূৰ্ণ প্ৰয়োগ কৰা হ’ব তেতিয়া কোভিডৰ সংক্রমণ ৰোধ আৰু তাৰ সুফল লাভ কৰিবলৈ আৰম্ভ হ’ব।
আজি কেন্দ্রীয় মন্ত্ৰীমণ্ডলীৰ বৈঠকত স্বাস্থ্যমন্ত্ৰীয়ে কয়, ‘‘আগন্তুক বছৰৰ আৰম্ভণিতেই কেইবাটাও উৎসৰ পৰা কৰোনাৰ ভেকচিন লাভ কৰাৰ আমি আশা কৰিছোঁ। আমাৰ বিভিন্ন বিশেষজ্ঞই ইতিমধ্যেই এই ভেকচিন উৎপাদন আৰু ইয়াৰ বিতৰণ সম্পৰ্কীয় ৰূপৰেখা তৈয়াৰ কৰিছে।’’












