নিউজ ডেক্স:
গোবৰৰ পৰা তৈয়াৰী বিশেষ চিপেৰে মোবাইলৰ বিকিৰণ ৰুধিব পৰা যাব। এই দাবী ৰাষ্ট্রীয় কামধেনু আয়োগৰ অধ্যক্ষ বল্লভভাই কাঠেৰিয়াৰ। সোমবাৰে ‘কামধেনু দীপাৱলী অভিযান’ৰ সূচনা কৰি কাঠেৰিয়াই এক সংবাদমেলত গোবৰৰ পৰা তৈয়াৰী বিশেষ প্ৰদৰ্শন কৰে।
এই চিপ হাতত লৈ তেওঁ কয় যে গোবৰৰ চিপ বিকিৰণ প্রতিৰোধী। এই কথা বৈজ্ঞানিকভাবে প্রমাণিত হৈছে। তেওঁৰ দাবী, এই চিপ মোবাইলত ব্যৱহাৰ কৰি বিকিৰণ ৰুধিব পৰা যাব। লগতে ই বিভিন্ন ৰোগৰ পৰাও নিৰাপদে ৰাখিব।
গোবৰৰ পৰা উৎপাদিত এই বিশেষ চিপবিধৰ নাম দিয়া হৈছে ‘গৌসত্ত্ব কবচ’। ৰাজকোটৰ শ্রীজি গোশালাত এইবিধ চিপ তৈয়াৰ কৰা হৈছে। অৱশ্যে কাঠেৰিয়াৰ এই মন্তব্যক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিতৰ্কও। বিভিন্ন বিশেষজ্ঞই এই দাবীক নস্যাৎ কৰাও পৰিলক্ষিত হৈছে৷












