
বিশেষ প্ৰতিবেদন
গাজিয়াবাদৰ মোদিনগৰৰ এছডিঅ’ সৌম্যা পাণ্ডে বৰ্তমান ছ’চিয়েল মিডিয়াৰ ট্ৰেণ্ডিঙত৷ তেওঁ যি কৰিছে সেয়া এই মুহূ্র্তত বিদ্যুত গতিৰে ভাইৰেল হৈছে৷ সন্তান জন্ম হোৱাৰ মাত্র ২২ দিনৰ মূৰতে নিজৰ কাৰ্যালয়ত কামত যোগদান কৰে তেওঁ৷ এই আইএএছ বিষয়াগৰাকীয়ে এফালে মাতৃত্ব আনফালে পেছাদাৰিত্ব দুই দায়িত্বৰে এক অদ্ভুত উদাহৰণ সৃষ্টি কৰিলে৷ ২২ দিনীয়া নিজৰ শিশুক লৈয়েই অফিচলৈ আহে এইগৰাকী মাতৃ৷ লগতে ২০১৭ বেটচৰ বিষয়াগৰাকীয়ে দায়িত্বতো বিন্দুমাত্র গাফিলতি কৰা নাই৷
[videopress tqB4Mvf9]
সৌম্যা পাণ্ডেই কৰোনাকালত কন্যা সন্তান জন্ম দিয়ে৷ কৰোনাকালত যিহেতু প্রশাসনিক কামৰ চাপ প্রচুৰ৷ সেয়ে এই সময়ত তেওঁ কেনেদৰে কৰ্মস্থানৰ পৰা দূৰত থাকে৷ নিজৰ সদ্যোজাত সন্তানৰ পৰাও দূৰৈত থাকাতো মনে নিবিচাৰে নতুন মাতৃৰ৷ সেয়ে একেলগে দুয়োটা দায়িত্ব পালন কৰাৰ কঠিন প্ৰত্যাহ্বান বাছি লৈছে তেওঁ৷ সেয়ে এতিয়া ছচিয়েল মিডিয়াত তেওঁৰ জয়জয়কাৰ ৷
অৱশ্যে সন্তানৰ যত্ন লোৱাতো কোনো কম কৰা নাই৷ তেওঁৰ ওচৰলৈ অহা বিভিন্ন ফাইল ছেনিটাইজ কৰে বাৰম্বাৰ৷












