ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : ড্ৰাগছৰ বিৰুদ্ধে কাৰবি আংলং আৰক্ষীয়ে লাভ কৰিলে আন এক বৃহৎ সফলতা ৷ প্ৰাপ্ত খবৰ অনুসৰি যোৱা নিশা ড্ৰাগছ বিৰুধী এক অভিযানত নুৰ ইছলাম আৰু আব্দুল আলি নামৰ দুজন যুৱকক আটক আৰক্ষীৰ। যুৱক দুজনৰ পৰা আৰক্ষীয়ে ২ কেজি নিষিদ্ধ হেৰইন জব্দ কৰে বোকাজান আৰক্ষীয়ে।
নাগালেণ্ডৰ পৰা অসমত প্ৰৱেশ কৰাৰ সময়ত কাৰ্বি আংলঙ আৰক্ষীৰ বিশেষ নাকা তালাচীত AS 01 LC 3613 নম্বৰৰ এখন ট্ৰাকত তালাচী চলাই উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ খিনি।
জব্দ কৰা ড্ৰাগছখিনিৰ আন্তঃ ৰাষ্ট্ৰীয় বজাৰমূল্য প্রায় ৫ কোটি টকা বুলি জানিব পৰা গৈছে।
বোকাজানৰ মহকুমা আৰক্ষী বিষয়া জন দাস , চক্ৰ বিষয়া ভূপেন কলিতা আৰক্ষী বিষয়া ৰাজু বাহাদুৰ ছেত্ৰী আৰু আৰক্ষী জিতেন গগৈৰ নেতৃত্বত বোকাজানত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান।
বিগত চাৰিমাহত কাৰ্বি আংলঙ আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তোলা হৈছে আৰু আজি পৰ্যন্ত প্রায় ৫০ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ উদ্ধাৰ কৰিছে ।











