নিউজ ডেস্ক:
৯ মাহ হৈ গ’ল বিশ্বত ক’ৰোনা ভাইৰাছ আবিৰ্ভাৱ হোৱাৰ। কিন্তু এই ন মাহে এই বিপজ্জনক ভাইৰাছৰ বিৰুদ্ধে যুঁজৰ বাবে কোনো ভেকচিন উৎপাদন কৰা সম্ভৱ হোৱা নাই। অৱশ্যে সমগ্র বিশ্বই এই মাৰক ভাইৰাছৰ ভেকচিন তৈয়াৰৰ বাবে দিন-ৰাতি একাকাৰ কৰিছে। ভাৰতৰ দুখন বিশ্ববিদ্যালয়ে এইবাৰ ক’ৰোনাক লৈ গৱেষণা কৰিছে। গৱেষণাত জনা গৈছে যে, এবিধ গছত থকা ৰাসায়নিক তত্বই এই ভাইৰাছক শেষ কৰিবলৈ সক্ষম। এই গৱেষণা গুৰু গোবিন্দ সিং বিশ্ববিদ্যালয় আৰু পঞ্জাব বিশ্ববিদ্যালয়ৰ দুই প্রফেছৰে কৰিছে।
পঞ্জাৱ বিশ্ববিদ্যালয়ৰ চেন্টাৰ অব বায়লজি ছিষ্টেমৰ অধ্যক্ষ সঞ্চালক অশোক কুমাৰ আৰু GGSIPUৰ চিকিৎসক সুৰেশ কুমাৰে প্ৰকাশ কৰা অনুযায়ী, এই উদ্ভিদত প্রায় ৫০বিধ পায়থোকেমিকেল আছে, যিয়ে ভাইৰাছক শেষ কৰিব পাৰে। পায়থোকেমিকেল উদ্ভিদৰ তত্বৰ সেই প্রজাতি যিবোৰ উদ্ভিদৰ মূল, ডাল-পাত, ফল, পাচলি আৰু উদ্ভিদৰ অন্য অংশত উপস্থিত থাকে। এই ৰাসায়নিক তত্ব ৰাসায়নিক প্ৰক্ৰিয়াকৰণৰ পৰা উলিয়াব পৰা যায়। গৱেষণাত জনা গৈছে যে, পায়থোকেমিকেলে আমাক বহু ধৰণৰ ভাইৰাছ আৰু বেক্টেৰিয়াৰ আক্ৰমণৰ পৰা বচায়।
সুৰেশ কুমাৰৰ মতে, গৱেষণাত দেখা গৈছে যে ৰাসাৰয়নিক তত্বসমূহে কৰোনাৰ প্রটিনত আক্ৰমণ কৰি সেইবোৰক শেষ কৰি দিয়ে। যদি কৰোনাৰ প্রটিন অন্য কোনো উপাদান প্রক্রিয়াকৰণত নিষ্ক্রিয় থাকে তেন্তে সংক্রমণৰ সম্ভাৱনা স্বয়ংক্রিয়ভাবে হ্রাস পায়।
অৱশ্যে এই পৰীক্ষণ কেৱল মাত্র কম্পিউটাৰত কৰা হৈছে। আগন্তুক দিনত ইয়াৰ পৰীক্ষণ মানুহ আৰু বন্যজীৱৰ ওপৰত হ’ব। ইয়াৰ পিছত এই প্রক্রিয়া কিমান সফল হ’ব সেইটো জনা যাব। উল্লেখযোগ্য যে কৰোনাৰ ওপৰত কৰা এই গৱেষণা ৩ ছেপ্টেম্বৰত আন্তর্জাতিক জেনেৰেল ফাইটোমেডিচিনতো প্রকাশিত হৈছিল।












