গ্ৰেপ্তাৰীৰ বাবে প্রস্তুত অভিনেত্রী ৰিয়া চক্রৱর্তী! ৰিয়াৰ অধিবক্তা সতীশ মানেচিন্ডেৰ বিস্ফোৰক মন্তব্যত চাঞ্চল্য তুঙ্গত। দেওবাৰে পুৱা ৬.৩০ বজাত ৰিয়াৰ ঘৰত অভিযান চলায় এনচিবিৰ চোৰাংচোৱাই। তেওঁৰ ঘৰত তালাচী চলোৱাৰ পিছত ১০.৩০ৰ ভিতৰত এনচিবিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নির্দেশ দিয়া হয়। সময়ৰ ভিতৰতে ৰিয়া এনচিবিৰ কাৰ্যালয়ত উপস্থিত হয়। সূত্রৰ খবৰ মতে, এই মুহূর্তত ২ জন এনচিবি বিষয়াই তেওঁক সোধপোছ কৰে ৰিয়াক।
ইফালে আজি ৰিয়া এনচিবিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছতেই তেওঁৰ অধিবক্তা সতীশ মানেচিন্ডেই লিখিত বিবৃতি প্রকাশ কৰে। তাত ৰিয়াৰ গ্ৰেপ্তাৰী কেৱল যে সময়ৰ অপেক্ষা, তেওঁ এক প্রকাৰ খাটাং কৰি দিছে। এএনআইত প্রকাশিত ৰিপোর্ট অনুযায়ী, সতীশ মানেশিন্ডেই বিবৃতিটোত জনাইছে, “ৰিয়া চক্রৱর্তী গ্ৰেপ্তাৰ হোৱাৰ বাবে প্রস্তুত।
যদি কাৰোবাক ভালপোৱাটো অপৰাধ হয়, তেনেহ’লে সেই অপৰাধৰ ক্ষতিপূৰণ তেওঁ দিব লাগিব। ৰিয়া নিৰাপৰাধী, সেয়ে ইডি, চিবিআই, এনচিবিৰ দৰে তিনিটা কেন্দ্রীয় সংস্থাই একেলগে তদন্ত কৰিলে, এতিয়া পর্যন্ত কোনো আদালতৰ দ্বাৰস্থ হোৱা নাই। আনকি কোনো আগতীয়া জামিনৰ আবেদন জনোৱা নাই।”
সূত্রৰ খবৰ অনুযায়ী, দেওবাৰে পুৱা ৰিয়া চক্রৱর্তীৰ ঘৰৰ পৰা বহুখিনি উল্লেখযোগ্য তথ্য লাভ কৰা হৈছে। যাৰ ওপৰত ভিত্তি কৰিয়েই ৰিয়া চক্রৱর্তী আটক হ’ব পাৰে! আনকি তেওঁক গ্ৰেপ্তাৰীৰ সম্ভাৱনাও উৰুৱাই দিয়া হোৱা নাই।












