নিউজ ডেস্ক:
ভাৰতৰ সীমান্ত পর্যন্ত আগুৱাই অহাৰ বাবে ষড়যন্ত্র কৰিছে চীনে। তেওঁলোকৰ সেই পৰিকল্পনাৰ ব্লুপ্ৰিন্ট প্রস্তুত। সেই ষড়যন্ত্রত শামিল কৰা হৈছে নেপালকো। নেপালৰ পুতলা কমিউনিস্ট চৰকাৰ এতিয়া কার্যত চীনৰ হাতৰ মুঠিত।
সংবাদ সংস্থা ৰয়টাৰ্ছৰ এক প্রতিবেদনত তেওঁলোকৰ গোপন সূত্রৰ তথ্য উল্লেখ কৰি কৈছে, নেপালৰ কাঠমান্ডু পর্যন্ত ৰে’ল যোগাযোগ গঢ়ি তোলাৰ সিদ্ধান্ত লৈছে বেইজিঙে। প্রথম পৰ্যায়ত কাঠমান্ডু তাৰ পিছত একেবাৰে ভাৰত সীমান্ত সংলগ্ন এলেকাত নিৰ্মাণ হ’ব ষ্টেচন, চীনৰ পৰা আহিব ৰে’ল। চীনৰ উদ্দেশ্য, প্ৰয়োজন হ’লে এই ৰে’লপথেৰে সৈন্য আৰু ৰচদ সৰবৰাহ।
প্রথম পৰ্যায়ত চীনৰ মূল ভুখণ্ডৰ পৰা তিব্বত পর্যন্ত ৰে’ল যোগাযোগ গঢ়ি তোলাৰ সিদ্ধান্ত হৈছে। কেৱল ৰে’ল নহয়, তিব্বতৰ সার্বিক আন্তঃগাঁঠনিৰ বৈপ্লবিক উন্নতিৰ বাবে ১৪,৬০০ কোটি ডলাৰ বিনিয়োগৰ সিদ্ধান্ত হৈছে। বেইজিঙে বিচাৰিছে ভাৰতৰ সীমান্ত সংলগ্ন এলেকাত আন্তঃগাঁঠনিৰ আমূল পৰিবৰ্তন কৰা।
ৰয়টাৰ্ছৰ তথ্য অনুযায়ী, চিচুৱান-তিব্বত ৰে’ল লাইনৰ কাম অত্যন্ত কঠিন আৰু বিপদসঙ্কুল। এই ৰে’ল লাইন সংযুক্ত হ’ব লাছাৰ সৈতে। এই কাম অহা সপ্তাহতেই আৰম্ভ হ’ব। ২৭,০০০ কোটি ডলাৰ ব্যয় কৰি তিব্বতৰ ভাৰত-চীন সীমান্ত পর্যন্ত পৃথক এটি ৰে’ল লাইন স্থাপনৰ কামো আৰম্ভ কৰা হৈছে।
চীনে বৰ্তমান শান্তিৰ পক্ষত পদক্ষেপ ল’বলৈ খুব এটা যে আগ্রহী নহয়, বাৰম্বাৰ তেওঁলোকে সেইটো বুজাই দিছে। বেইজিং বৰ্তমান নিজৰ আধিপত্য বিস্তাৰৰ পৰিকল্পনাৰ পৰা আঁতৰি আহিবলৈ নাৰাজ, ফলত চীনৰ ভূমিকা এতিয়া আগ্রাসী।












