নিউজ ডেস্ক:
কঙ্গনাৰ ওচৰত ক্ষমা বিচৰাৰ কোনো প্রশ্নই নুঠে। সাংবাদিকৰ মুখামুখী হৈ আজি এই কথা জনায় শিৱসেনাৰ মুখপাত্র সঞ্জয় ৰাউতে। উল্লেখযোগ্য যে কালি তেওঁ অভিনেত্রী কঙ্গনাৰ বিৰুদ্ধে কুৰুচিকৰ মন্তব্য কৰিছিল। যাৰ বিনিময়ত বলিউডৰ একাংশ আৰু কঙ্গনা নিজেই সঞ্জয়ক বিনাচৰ্তত ক্ষমা বিচাৰিবলৈ কৈছিল।
যাৰ উত্তৰত আজি সঞ্জয়ে জনায় যে তেওঁ ক্ষমা নিবিচাৰে। তেওঁ এইটোও জনায়, ‘তেওঁ যদি মহাৰাষ্ট্র প্রশাসন আৰু আৰক্ষীৰ ওচৰত ক্ষমা বিচাৰে তেতিয়া মই ক্ষমা বিচৰাৰ কথা চিন্তা কৰিম।‘
সঞ্জযয়ে লগতে কয়, ‘তেওঁ মুম্বাইক মিনি পাকিস্তান বুলিছে। এই কথাটো আহমেদাবাদৰ ক্ষেত্রত কওক, চাওঁ তেওঁৰ কিমান সাহস।‘ ঘটনাৰ সূত্ৰপাত কিছুদিন আগতে যেতিয়া কঙ্গনাৰ বিৰুদ্ধে মুখ খোলে সঞ্জয় ৰাউতে। কঙ্গনা জনায় যে শিৱসেনাৰ নেতাগৰাকীয়ে আচলতে তেওঁক হত্যা কৰাৰ ভাবুকি দিছে।
“এজন বিখ্যাত অভিনেতাৰ হত্যাৰ পিছত মই মুম্বাই পুলিচৰ ভূমিকাক লৈ প্রশ্ন কৰিছিলো, তাৰ বিনিময়ত মোক মুম্বাইলৈ নাহিবলৈ কোৱা হৈছে। মোক হত্যা কৰাৰ কথা কোৱা হৈছে।’, দাবী কঙ্গনাৰ। যাৰ পৰিপ্রেক্ষিতত কালি কঙ্গনাৰ বিৰুদ্ধে কুৰুচিকৰ মন্তব্য কৰে সঞ্জয় ৰাউতে।












