নিউজ ডেক্স:
বিশ্বৰ সবাতোকৈ বৃহৎ প্ৰাণী নীলা তিমি সাধাৰণতে দেখিবলৈ পোৱা নাযায়৷ এই নীলা তিমি দেখিবলৈ পোৱা গ’ল অষ্ট্ৰেলিয়াৰ ছিডনি উপকূলত৷ এজন ফটোগ্ৰাফাৰৰ কেমেৰাত বন্দী হয় সেই দৃশ্য৷ সেই ছবি, ভিডিঅ’ তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত আপলড কৰে৷ তাৰ পাচত সেই ভিডিঅ’ ভাইৰেল হ’বলৈ বেছি সময় নালাগিল৷ চিন নামৰ এজন ফটোগ্ৰাফাৰৰ কেমেৰাত বন্দী হয় নীলা তিমিৰ বিৰল দৃশ্য৷
তেওঁ প’ষ্টত লিখে, নীলা তিমি প্ৰায় ৩০ মিটাৰ পৰ্যন্ত দীঘল হয়৷ ইয়াৰ জিভাৰ ওজন এটা হাতীৰ ওজনৰ সমান৷ এই বৃহৎ প্ৰাণীৰ হৃদযন্ত্ৰৰ ওজন এখন গাড়ীৰ সমান হ’ব পাৰে৷ সৰ্বাধিক ১০০ টন পৰ্যন্ত হ’ব পাৰে ইয়াৰ মুঠ ওজন৷ এনে এক দৃশ্য কেমেৰাত বন্দী কৰাৰ পাচত কি দৰে তেওঁ নিজৰ অনুভূতি প্ৰকাশ কৰিব বুজাব পকা নাই বুলি চিয়ানে মত প্ৰকাশ কৰে৷
অষ্ট্ৰেলিয়াৰ স্থানীয় সংবাদ পত্ৰৰ সূত্ৰই জনোৱা মতে যোৱা ১০০ বছৰত ইয়াকে লৈ তৃতীয়বাৰ ছিডনিৰ উপকূলত নীলা তিমি দেখিবলৈ পোৱা গ’ল৷ ফটোগ্ৰাফাৰজনে ১৭ আগষ্টত এখন ছবি আৰু ১৮ আগষ্টত ভিডিঅ’ এটা প’ষ্ট কৰে৷ ইতিমধ্যে প’ষ্টত প্ৰায় ১০ হাজাৰে লাইক কৰিছে৷ লগতে বহুৱে শ্বেয়াৰ কৰিছে৷












