২৪ ঘণ্টাত নতুন সংক্রমণৰ হিচাবত আজি পূৰ্বৰ সকলো হিচাব চেৰ পেলালে ভাৰতে। দেওবাৰে পুৱা স্বাস্থ্য মন্ত্ৰালয়ে দিয়া পৰিসংখ্যা অনুযায়ী, যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ নোভেল ক’ৰোনা ভাইৰাছত সংক্রমিত হৈছে ৯০ হাজাৰ ৬৩২ জন। সকলো মিলি এই পর্যন্ত আক্রান্তৰ সংখ্যা হৈছে ৪১ লক্ষ ১৩ হাজাৰ ৮১১। ইয়াৰ ভিতৰত এই মুহূর্তত দেশত সক্রিয় ক’ৰোনা ৰোগীৰ সংখ্যা ৮ লক্ষ ৬২ হাজাৰ ৩২০।
সক্রিয় আক্রান্তৰ হিচাবত এই মুহূর্তত বিশ্ব তালিকাত তৃতীয় স্থানত আছে ভাৰত। তালিকাত শীর্ষত আছে আমেৰিকা। দেশখনত এই পর্যন্ত ৬২ লক্ষ ৪৫ হাজাৰ ১১২ জন নোভেল ক’ৰোনাত আক্রান্ত হৈছে। দ্বিতীয় স্থানত থকা ব্রাজিলত মুঠ আক্রান্তৰ সংখ্যা ৪১ লক্ষ ২৩ হাজাৰ।
‘ইফালে যোৱা ২৪ ঘণ্টাত দেশত ১ হাজাৰ ৬৫ জন কোভিড-১৯ আক্রান্তৰ মৃত্যু হৈছে। দেশত সকলো মিলি এই পর্যন্ত নোভেল ক’ৰোনাৰ প্রকোপত প্রাণ হেৰুৱাইছে ৭০ হাজাৰ ৬২৬ জন লোক। মৃত্যুৰ হিচাবত বিশ্ব তালিকায় এই মুহূর্তত তৃতীয় স্থানত আছে ভাৰত। শীর্ষত থকা আমেৰিকাত এই পর্যন্ত ১ লক্ষ ৮৮ হাজাৰ ৫৩৫ জনৰ মৃত্যু হৈছে। দ্বিতীয় স্থানত থকা ব্রাজিলত মৃত্যু হৈছে ১ লক্ষ ২৬ হাজাৰ ২০৩ জন ক’ৰোনা ৰোগীৰ।
আনহাতে, আজি সংক্ৰমণৰ হাৰ বাঢ়ি হৈছে ৮.২৯ শতাংশ। যোৱা ২৪ ঘণ্টাত ১ লক্ষ ৯২ হাজাৰ ৬৫৪ জনৰ কৰোনা পৰীক্ষা হৈছে, যিটো এতিয়ালৈকে সর্বাধিক। বিগত ২৪ ঘণ্টাত দেশত ৭৩ হাজাৰ ৬৪২ জন ক’ৰোনা ৰোগী সুস্থ হৈ উঠিছে। সকলো মিলি এই পর্যন্ত ৩১ লক্ষ ৮০ হাজাৰ ৮৬৫ জন কৰোনা ৰোগী সুস্থ হৈ উঠিছে দেশত। সুস্থতাৰ হাৰ ৭৭.৩২ শতাংশ।
ৰাজ্যসমূহৰ ভিতৰত এই মুহূর্তত মহাৰাষ্ট্রৰ পৰিস্থিতি সকলোতকৈ দুশ্চিন্তাজনক। ৰাজ্যখনত এই পর্যন্ত ৮ লক্ষ ৮৩ হাজাৰ ৮৬২ জন নোভেল ক’ৰোনাত আক্রান্ত হৈছে। সুস্থ হৈ উঠিছে ৬ লক্ষ ৩৬ হাজাৰ ৫৭৪ জন। ২৬ হাজাৰ ২৭৬ জন ক’ৰোনা ৰোগীৰ মৃত্যু হৈছে।












