নিউজ ডেস্ক:
সুশান্ত সিং ৰাজপুতৰ মৃত্যুত নিচাযুক্ত দ্ৰব্যৰ সংযোগৰ তদন্তত এইবাৰ অভিনেতাগৰাকীৰ প্ৰেয়সী ৰিয়া চক্রৱর্তীলৈ চমন পঠালে নাৰকোটিক্স কন্ট্রোল ব্যুৰো (এনচিবি)ই। এই ঘটনাত ৰিয়াৰ ভাতৃ শৌভিক, সুশান্তৰ মেনেজাৰ ছেমুৱেল মিৰান্ডা আৰু হাউছকিপাৰ দীপেশক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকক সোধপোচ কৰি যিবোৰ তথ্য লাভ কৰিছে, তাৰ ভিত্তিতেই ৰিয়ালৈ চমন পঠিওৱা হৈছে বুলি জানিব পৰা গৈছে।
দেওবাৰে পুৱাই ৰিয়াৰ মুম্বাইৰ ঘৰত এনচিবিৰ এটি দল চমন লৈ হাজিৰ হোৱা বুলি জানিব পৰা গৈছে। এনচিবি প্রধান সমীৰা ৱাংখেড়েৰ নেতৃত্বাধীন এই দলটোৱে ৰিয়াক তদন্তত যোগ দিবলৈ কয়। আজিয়েই এনচিবিৰ সন্মুখত হাজিৰ হ’ব লাগিব ৰিয়া।












