আলোচনাৰ মেজতে তর্কাতর্কি। ফলত লাদাখৰ পৰিস্থিতিত উন্নতিৰ কোনো আশা দেখা নগ’ল। প্রকৃত নিয়ন্ত্রণ ৰেখাত দুই দেশৰ সেনাৰ ওপৰত নজৰ ৰাখি থকাৰ অৱস্থানেই বাহাল থাকিল। তাৰ উপৰি চীনৰ সেনা যে পিছুৱাই নাযায় তাৰ ইঙ্গিত দি প্রায় মহাভাৰতৰ দুর্যোধনৰ দৰে বেইজিঙে হুঙ্কাৰ দিছে, ‘চীনে এক ইঞ্চি মাটিও নেৰে। দেশৰ সার্বভৌমত্ব ৰক্ষা আৰু অখণ্ডতা বজায় ৰাখিবলৈ চীনৰ সেনাবাহিনী দৃঢ়প্রতিজ্ঞ, সক্ষম আৰু আত্মবিশ্বাসী।’
মস্কোত প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে চীনৰ প্রতিৰক্ষামন্ত্রী ৱেই ফংহৰ সৈতে বৈঠকত জনাইছিল, ‘চীনা সেনাবাহিনীৰ কামকাজ, বিপুল সংখ্যাত বাহিনী মোটায়েন কৰা, আগ্রাসী আচৰণ, একপক্ষীয় প্রকৃত নিয়ন্ত্রণ ৰেখায় সলনিৰ চেষ্টা— এই সকলোবোৰেই দুই দেশৰ দ্বিপাক্ষিক চুক্তিৰ বিৰুদ্ধে।’
প্রতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতিত কয়, ‘দুই দেশৰ বিশেষ প্রতিনিধিৰ মাজৰ বৈঠকত যি বুজাপৰা হৈছিল, চীনা সেনাৰ কামকাজ তাৰ পৰিপন্থী।’
ৰাজনাথ সিঙে লগতে কয়, চীনে যেন প্রকৃত নিয়ন্ত্রণ ৰেখা মানি চলে আৰু তাক সলনিৰ চেষ্টা নকৰে।













